অসম

assam

By

Published : Jun 5, 2020, 11:24 AM IST

ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 11 PM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !

শিলচৰত মুখ্যমন্ত্ৰী সোণোৱালক লৈ অসন্তুষ্ট সংবাদকৰ্মী ৷ দিনৰ 12.30 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে অপেক্ষা কৰাৰ পাচতো সম্বোধন নকৰিলে মুখ্যমন্ত্ৰীয়ে ৷ যাৰ ফলত ক্ষোভিত সংবাদকৰ্মীসকলে অনুষ্ঠান বৰ্জন কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি দিয়ে ৷

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ 13 জনৰ দেহত COVID-19

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসত কোৱাৰেণ্টাইন হৈ থকা 13 গৰাকী লোকৰ দেহত নতুনকৈ বৃহস্পতিবাৰে ধৰা পৰে COVID-19 । আটাইকেইজন আক্ৰান্ত লোককে প্ৰেৰণ কৰা হৈছে হাজো মডেল হাস্পতাললৈ । এই লোক কেইজন কৰ'ণা ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰাৰ পাচতেই ছাত্ৰাবাস কেইটা ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে ।

'বন্দে ভাৰত মিছন'ৰ জৰিয়তে ১.০৭ লাখ লোক ভাৰতত উপস্থিত হৈছে : MEA

বৈদেশিক মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ১.০৭ লাখ লোক 'বন্দে ভাৰত মিছন'ৰ জৰিয়তে ভাৰতত উপস্থিত হৈছে । পুনৰ তৃতীয় পৰ্যায়ত প্ৰবাসী ভাৰতীয়সকলক দেশলৈ উভতাই আনিবৰ বাবে বাবে সাজু হৈছে ভাৰত চৰকাৰ ৷

২৪ ঘণ্টাত দেশত আৰোগ্য লাভ কৰিছে ৩,৮০৪ গৰাকী কোভিড ৰোগীয়ে

বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ৩,৮০৪ গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগী। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে এই তথ্য। এইপৰ্যন্ত ভাৰতত ৪৭.৯৯ শতাংশ লোকে কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে এই তথ্য।

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজক উদ্দেশ্যি কি ক'লে যাদৱ পায়েঙে ?

পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি নিজ বাসগৃহৰ আশে-পাশে কেইবাটাও গছপুলি ৰোপণ কৰিলে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ৷

গৌৰীসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

গৌৰীসাগৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা পকী নলাত ব্যাপক বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ অতি নিম্নমানৰ সামগ্ৰীৰে ঠিকাদাৰে নলা সমূহ নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰ পিছতে পকী নলা আৰু শ্লেবত ফাট মেলাৰ লগতে বহু অংশ বহি যোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

নগাঁৱত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ !

ৰাজ্যত অব্যাহত আছে মূল্যৱান কাঠৰ চোৰাং বেহা। বন বিভাগৰ চকুত ধূলি দি চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চল ধ্বংস কৰি ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰি আছে মূল্যবান গছৰ কুণ্ডা । বিশ্ব পৰিবেশ দিৱসৰ প্ৰাক মূহুৰ্তত বুধবাৰে নগাঁৱৰ বন বিভাগৰ সুৰক্ষা গোটে বালিজুৰিত অভিযান চলাই AS02 AC 0602 নম্বৰৰ এখন মাকৰী শাল ভৰ্ত্তি মিনি ট্ৰাক জব্দ কৰে ।

হোজাইৰ যমুনামুখৰ পৰা উদ্ধাৰ ৫০ জনকৈ শ্ৰমিক

হোজাইৰ যমুনামুখৰ পৰা উদ্ধাৰ ৫০ জনকৈ শ্ৰমিক । ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল, প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমল আৰু যমুনামুখৰ বিধায়কৰ তৎপৰতাত যমুনামুখৰ পৰা উদ্ধাৰ কৰা হয় শ্ৰমিককেইজনক ।

জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী গুলীত নিহত উগ্ৰপন্থী !

জম্মু-কাশ্মীৰৰৰ ৰাজৌৰী জিলাৰ কালাকোট অঞ্চলত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ ৷ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে এগৰাকী উগ্ৰপন্থী ৷

নিজস্ব পৰিকল্পনাত চীন, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৃদ্ধি সামৰিক সহযোগিতা !

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দুখন আগশাৰীৰ দেশ হিচাপে ভাৰত আৰু অষ্ট্ৰেলিয়াই মুক্ত, সাৰ্বজনীন আৰু শৃংখলিত এক অঞ্চলৰ প্ৰতি আগ্ৰহী । এই অঞ্চলত সামুদ্ৰিক আৰু আকাশী পথ ব্যৱহাৰৰ স্বাধীনতাৰ লগতে চলাচল আৰু যোগাযোগৰ বাবে মুক্ত, নিৰাপদ আৰু ফলপ্ৰসূ সামুদ্ৰিক পথৰ পোষকতা কৰে ।

ABOUT THE AUTHOR

...view details