Fire Breakout: বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ মাতৃ-পুত্ৰ
দেওবাৰে নিশা তিনিচুকীয়াৰ পানীতোলাৰ বেতিয়নীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হয় এটি কণমানি সন্তানসহ মাতৃ ৷
Amit Shah on Gujarat victory: গুজৰাটৰ ঐতিহাসিক জয়ে 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব; শ্বাহ
গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ অহা 2024 ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত এই বিজয়ে প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
Leopard attack in Sonari: সোণাৰিত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত শ্ৰমিক
চৰাইদেউ জিলাৰ নাফুক আঞ্চলিক বন বিভাগৰ অন্তৰ্গত সোণাৰিৰ ৩ নং গোৱালাপথাৰত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ দেওবাৰে সন্ধিয়া চাহ বাগিচাৰ মাজৰ পৰা হঠাৎ ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে জমিৰ সিং মুণ্ডা নামৰ লোক জনক আক্ৰমণ কৰে ৷ নিকটৱৰ্তী এখন বাগিচাত কাম কৰি থকা শ্ৰমিকসকলে ঘটনাটো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত বাঘটো সেই স্থানৰ পৰা আঁতৰ হয় ।
Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা
ডিব্ৰুগড়ৰ বৰবৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা ৷ পাঞ্জাৱবডী আৰু বাইকৰ মাজত হোৱা মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷
Illegal Liquor in Nalbari: নলবাৰীৰ আৰিকুছিত ৰাইজে আবদ্ধ কৰি ৰাখিলে আৰক্ষীক
নলবাৰীৰ আৰিকুছি চ’কত আৱদ্ধ কমাৰকুছি আৰক্ষী । মদ ব্যৱসায়ীক আটক কৰিবলৈ অহাৰ সময়তে ৰাইজে আৱদ্ধ কৰিলে কমাৰকুছি আৰক্ষীক । কমল বৈশ্য নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীক আটক কৰিবলৈ আহিছিল কমাৰকুছি আৰক্ষী ।
Asom Natya Sanmilan: স্থাপন হ’ল অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশনৰ লাইখুঁটা
দেওবাৰে স্থাপন কৰা হ’ল অসম নাট্য সন্মিলনৰ 61 সংখ্যক বৰপেটাৰোড অধিৱেশনৰ লাইখুঁটা ৷ লাইখুঁটা স্থাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Rajit Kumar Dass) ৷ 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন ৷
Amit Shah on Gujarat victory: গুজৰাটৰ ঐতিহাসিক জয়ে 2024 ৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলাব; শ্বাহ
গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিৰ ঐতিহাসিক বিজয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ অহা 2024 ত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত (2024 Lok Sabha polls) এই বিজয়ে প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
Govt School in Uttarakhand: অসমৰ লগত সমানে ফেৰ মাৰিছে উত্তৰাখণ্ডৰ "ৰাজকীয়" চৰকাৰী বিদ্যালয়ে
কেৱল অসমতেই নহয়, উত্তৰাখণ্ডতো শিক্ষক-শিক্ষাৰ্থীৰ নিমিলা অংক দেখা গৈছে ৷ অসমৰ দৰেই বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ চৰকাৰী বিদ্যালয়ৰ শোচনীয় ৰূপ পোহৰলৈ আহিছে ৷ এগৰাকী শিক্ষাৰ্থীকেই পাঠদান কৰি আছে তিনিগৰাকী শিক্ষাগুৰুৱে ৷
iQOO 11 Price: মুকলি হ'বলৈ গৈ আছে আটাইতকৈ fastest 5G phone iQOO 11
অহা বছৰ ভাৰতীয় স্মাৰ্টফোনৰ বজাৰত মুকলি কৰা হ’ব iQOO 11 Series । কোম্পানীটোৱে এই ফোনটোৰ লঞ্চৰ তাৰিখ প্ৰকাশ কৰিছে । জানক এই স্মাৰ্টফোনৰ মূল্য আৰু ইয়াৰ স্পেচিফিকেশনসমূহ ।
Picnic spot at Chandrapur : চন্দ্ৰপুৰৰ বনভোজস্থলীত বনভোজকাৰীৰ ভিৰ
শেষ হ’ব এই বৰ্ষ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিৰ কৰিছেহি বনভোজ প্ৰেমীয়ে ৷ বাদ পৰি ৰোৱা নাই চন্দ্ৰপুৰৰ বিভিন্ন অঞ্চলটো) ৷ 2022 বৰ্ষৰ শেষৰটো দেওবাৰে চন্দ্ৰপুৰ এলেকাৰ পানীখাইতিৰ হাতীশিলা, তাঁতীমাৰাৰ তপোবন, আবেলিঘাট, চানচাইন, ঠাকুৰকুচীৰ খামব্ৰেং বিল আদিত বনভোজ দলে ভিৰ কৰা পৰিলক্ষিত হয়