অসম

assam

By

Published : Dec 22, 2022, 11:14 AM IST

ETV Bharat / state

11বজাৰ 10 টা শীৰ্ষ বাতৰি

11বজাৰ 10 টা শীৰ্ষ বাতৰি

o
u

ULFA cadre arrested: অৰুণাচলত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ সক্ৰিয় কেডাৰ

স্পিয়াৰ কৰ্পছৰ আইজিএআৰ (এন)ৰ মুখ্য কাৰ্যালয়ৰ খোনচা বেটেলিয়ন আৰু আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ এজন সক্ৰিয় আলফা স্বাধীনৰ সদস্য। প্ৰাৰম্ভিক জেৰাৰ অন্তত ধৃত লোকজনক পৰৱৰ্তী তদন্তৰ বাবে খোনচা আৰক্ষীক হস্তান্তৰ কৰা হ'ব ।

HRC on Batdrava eviction:বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰিলে মানৱ অধিকাৰ

বটদ্ৰৱাৰ উচ্ছেদ প্ৰসংগক লৈ নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মানৱ অধিকাৰ আয়োগে । বটদ্ৰৱা উচ্ছেদৰ প্ৰতিবেদন বিচাৰি নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মানৱ অধিকাৰ আয়োগে । অহা 18 জানুৱাৰীৰ ভিতৰত প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে ।

Fire broke out in Jorhat: বৰ্তমানেও নিৰ্বাপন হোৱা নাই যোৰহাটৰ জুই

বুধবাৰে নিশা প্ৰায় 10:30 বজাত যোৰহাটৰ মাৰোৱাৰীপট্টি সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বৰ্তমানেও সম্পূৰ্ণৰূপে নিৰ্বাপন হোৱা নাই জুই ৷ কোটি টকাৰ সম্পত্তি জাহ গ’ল এই অগ্নিকাণ্ডত ।

Differently abled candidates press meet: দিব্যাংগ নিযুক্তিৰ দাবীৰে গুৱাহাটীত উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বিদ্যাংগ সকলৰ বাবে সংৰক্ষিত ৫১৩ টা পদত নিযুক্তি প্ৰদানৰ দাবীৰে গুৱাহাটীত উত্তীৰ্ণ প্ৰাৰ্থীৰ সংবাদমেল ৷ 4 ডিচেম্বৰত প্ৰকাশ হোৱা উত্তীৰ্ণ প্ৰাৰ্থীৰ চূড়ান্ত তালিকাত বিদ্যাংগ সুৰক্ষা মঞ্চ, অসম নামৰ এটা সংগঠনে বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৷ যাৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াত যতি পৰাৰ অভিযোগ উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ ৷

Police Commissioner Diganta Borah: মহানগৰীত অপৰাধ ৰোধৰ আশ্বাস নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ

মহানগৰীৰ নতুন আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব লোৱাৰ পাছতেই বুধবাৰে প্ৰথমবাৰলৈ সংবাদমেল সম্বোধন কৰে দিগন্ত বৰাই ৷ জৰুৰীকালীন কিবা ঘটনা হ'লে 112 নম্বৰটোত ডায়েল কৰি সহায় বিচাৰিবলৈ আহ্বান বৰাৰ ৷ সুৰাপান কৰি বাহন নচলাবলৈ আহ্বান আৰক্ষী আয়ুক্তগৰাকীৰ ৷

Road Accident at Jania: এল্ট’ K10 গাড়ীৰ খুন্দাত চিন্ন ভিন্ন হ’ল স্কুটী, আহত এজন

জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বুধবাৰে বিয়লি এখন এল্টো K10 গাড়ীয়ে ৰখাই থোৱা এখন স্কুটীত খুন্দা মৰাত এজন লোক আহত হয় ৷

Bomb at Dhekiajuli: ঢেঁকীয়াজুলিৰ দলঙৰ তলত ৬ টা বোমা উদ্ধাৰ

শোণিতপুৰৰ ঢেকিয়াজুলিত উদ্ধাৰ ৬ টা বোমা ৷ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত অৱস্থিত চিৰাজুলী দলঙৰ তলত উদ্ধাৰ বোমাকেইটা ৷

Fire breaks out at East Japia: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল দুটাকৈ বাসগৃহ

পূব জঁপিয়াত ভয়ংকৰ অগ্নিকাণ্ড ৷ বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় দুটাকৈ বাসগৃহ

Student fall in river at Kaliabor: নিজকে বচাবলৈ গৈ নদীত পৰিল দশম শ্ৰেণীৰ ছাত্ৰী

গাড়ীৰ খুন্দাৰ পৰা বাচিবলৈ চেষ্টা কৰি জৰাজীৰ্ণ দলঙৰ তলত পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী ৷ বুধবাৰে কলিয়াবৰত সংঘটিত হ’ল এই ভয়ংকৰ ঘটনা ৷ টিউচনৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে ছাত্ৰীগৰাকী উক্ত দুৰ্ঘটনাৰ সন্মুখীন হয় ৷

Assam Butter Beans export to London: দৰং জিলাৰ শাক পাচলি ৰপ্তানি হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ

ৰাজ্য বা বহিঃৰাজ্যতেই সীমাবদ্ধ নহয় দৰঙৰ খাৰুপেটীয়াৰ উৰহী । এইবাৰ টনে টনে উৰহী ৰপ্তানি হৈছে লণ্ডনৰ বজাৰলৈ ৷ খাৰুপেটীয়াৰ এচাম শিক্ষিত যুৱ খেতিয়কৰ প্ৰচেষ্টাত গঢ়ি উঠা সেউজমূখী এগ্ৰো প্ৰডিউচাৰ নামৰ এই ব্যক্তিগত প্ৰতিষ্ঠানটোৱে লণ্ডনলৈ ৰপ্তানি কৰিছে উৰহী ৷ ১০০ মেট্ৰিক টন উৰহী এইবেলি লণ্ডনলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা প্ৰতিষ্ঠানটোৰ ।

ABOUT THE AUTHOR

...view details