পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য
শনিবাৰে পুৱা পুনৰ 80 পইচাকৈ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য (Petrol diesel prices hiked) ৷ ৰাজধানী দিল্লীত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য 98.61 টকা আৰু ডিজেলত 89.87 টকালৈ বৃদ্ধি পাইছে ।
গুজৰাটত পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ : জেনেভাত স্বাক্ষৰ MoU
গুজৰাটত স্থাপন কৰা হ’ব পৰম্পৰাগত ঔষধিৰ গ্ল'বেল চেণ্টাৰ (Traditional medicinal global centre to be set up in Gujarat) ৷ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থা আৰু ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ মাজত স্বাক্ষৰিত কৰা হয় বুজাবুজিৰ চুক্তি ৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে লোকসভাত প্ৰকাশ কৰে এই তথ্য ৷
আশ্ৰয়স্থলীয়ে হ’লগৈ মৃত্যুৰ কাৰক
ধুমুহাৰ ফলত গছৰ তলত আশ্ৰয় লোৱাই কাল হ’ল কমাৰবন্ধাৰ দ-গোঁহাই গাঁৱৰ হেমকান্ত বৰাৰ । শুকুৰবাৰে নিশা এডাল প্ৰকাণ্ড জৰী গছ উভালি পৰি মৃত্যু ঘটে 63 বছৰীয়া হেমকান্ত বৰা (one man died due to storm in Golaghat) নামৰ এগৰাকী ব্যক্তিৰ ৷
The Kashmir Files: দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ
দেশজুৰি বিশেষ চৰ্চা লাভ কৰা দ্য কাশ্মীৰ ফাইলচ্ ছবিখনক কেন্দ্ৰ কৰি অসমতো সম্প্ৰতি ভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (The Kashmir Files influence in Assam)। ৰাজ্যৰ শাসকীয় দল বিজেপিৰ মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা, কৰ্মকৰ্তাসকল ছবিখনৰ প্ৰচাৰৰ বাবে উঠিপৰি লগা দেখা গৈছে ৷
দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত চলিছে বালিৰ ৰমৰমীয়া বেহা
ৰঙিয়াৰ দ্বীপ্তেশ্বৰীৰ পুঠিমাৰী নৈত প্ৰতিদিনে চলি আছে অবৈধ বালিৰ খনন (Illegal sand mining at Rangia) ৷ নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয় । কাৰ নেতৃত্বত চলিছে এই অবৈধ খনন ! চাওক পুঠিমাৰী নৈৰ পৰা আমাৰ এক প্ৰতিবেদন ৷