ৰাজ্যপালৰ ভাষণৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন
বিধানসভাৰ এইবাৰৰ বাজেট অধিৱেশনত কমেও সাতখনকৈ বিধেয়ক সদনত উত্থাপন কৰা হ’ব । ১৬ মাৰ্চত সদনত বিত্ত মন্ত্ৰী অজন্তা নেওগে (Assam first female finance minister Ajanta Neog) দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট ৷
ডিব্ৰুগড় সদৰ থানাৰ চৌহদত চাঞ্চল্যকৰ হত্যাকাণ্ড
ডিব্ৰুগড় সদৰ থানাৰ চৌহদত দেওবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder at Dibrugarh Police station) । ভূক্তভোগীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁ মৃত্যুক আঁকোৱালি লয় ।
PM Modi meets three services chiefs : তিনি সেৱাৰ মুৰব্বীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ইউক্ৰেইনত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতি আৰু সাম্প্ৰতিক গোলকীয় পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ এখন বৈঠকত সভাপতিত্ব কৰে । তেওঁ তিনিওটা সেৱাৰ মুৰব্বীসকলকো সাক্ষাৎ কৰে (PM Modi meets three services chiefs) ৷
পৰ্যটন খণ্ডক উৎসাহিত কৰিবলৈ 50 খন বৃহৎ ছাইনব’ৰ্ড স্থাপন কৰিব ত্ৰিপুৰা চৰকাৰে
পৰ্যটন খণ্ডক উৎসাহিত কৰাৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ ৰাজ্যখনৰ পৰ্যটন বিভাগে ইয়াৰ পৰ্যটন ক্ষেত্ৰসমূহৰ অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে 50 খনতকৈও অধিক বৃহৎ আকৃতিৰ ছাইনব’ৰ্ড (Tripura to install 50 large signages) স্থাপন কৰাৰ সিদ্ধান্ত লৈছে ।
নেতৃত্ব সলনি নহয় : ছোনিয়া গান্ধীয়েই হৈ থাকিব কংগ্ৰেছ সভানেত্ৰী
৫ ৰাজ্যত নিৰ্বাচনৰ বিপৰ্যয়ৰ পিছত কংগ্ৰেছ দলৰ কাৰ্যকৰী কমিটিৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত ছোনিয়া গান্ধীৰ নেতৃত্বৰ ওপৰত দলৰ কাৰ্যকৰী কমিটীয়ে পুনৰ আস্থা প্ৰকাশ কৰে (Sonia Gandhi to remain Congress president) ৷