অসম

assam

11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Feb 21, 2022, 11:00 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-11-am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

তিনিদিনীয়া ভ্ৰমনসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

২৫ ফেব্ৰুৱাৰীত ৰাজ্যত আলাবৈ যুদ্ধৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া যুদ্ধ স্মাৰক আৰু লাচিত বৰফুকনৰ নতুনকৈ সজাই তুলিব খোজা সমাধি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

ৰাজ্যসভা নিৰ্বাচন: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

মাজুলীৰ উপ-নিৰ্বাচনত(Majuli by Election 2022) বিজেপিৰ প্ৰাৰ্থী চূড়ান্ত হোৱাৰ পাছত এইবাৰ ৰাজ্যসভাৰ প্ৰাৰ্থী কোন হ’ব লৈ তাকে লৈ ৰাজ্যিক বিজেপিৰ ভিতৰে বাহিৰে চলিছে চৰ্চা ৷

আমছুৰ তৃতীয় বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন

বৰপেটা জিলাৰ কলগাছিয়াৰ অন্তৰ্গত বৰভিঠা আঞ্চলিক সমিতিৰ উদ্যোগত বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমছুৰ তৃতীয় বাৰ্ষিক অধিৱেশন(3rd Annual Session of AAMSU)ৰ দেওবাৰে লাইখুটা স্থাপন কৰা হয় ।

APHLCৰ বিৰুদ্ধে সৰৱ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং

কাৰ্বি আংলঙত বিজেপি আৰু এপিএইচএলচি দলৰ মাজত সংঘাত বৃদ্ধি পাইছে (BJP and APHLC clash in Karbi Anglong)। এইবাৰ এপিএইচএলচি দলৰ বিৰুদ্ধে সৰৱ হ'ল মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং । দলটোৱে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলিৰাম ৰংহাঙৰ ।

মাজুলীৰ ৰাজনীতিত ইউটাৰ্ন চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে থিয় দিলে ৰাজীৱ লোচন পেগুৱে

মাজুলীৰ উপ-নিৰ্বাচনক লৈ ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ (Majuli by election 2022) ৷ তাৰ মাজতে AJP ৰ কাৰ্যালয়ত দেখা গ’ল প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক (Rajib Lochan Pegu visited AJP office in Majuli) ৷

মাজুলী উপ নিৰ্বাচনত দিনৰ পোহৰৰ দৰে জয় হোৱাটো নিশ্চিত : মন্ত্ৰী পীযুষ হাজৰিকা

মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাই মাজুলী উপ-নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰা আন আন দলক নাম উল্লেখ নকৰাকৈ ৰাজনৈতিক খেলত নতুন বুলি কোৱাৰ উপৰিও ছিজনেল ফ্লাৱাৰ বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Piyush Hazarika in Majuli to campaign for Majuli bypoll ) ৷

বিজেপি প্ৰাৰ্থীৰ ভাগ্য উদয় : মনোনয়ন প্ৰত্যাহাৰ পৌৰসভা নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থীৰ

বৰপেটাৰোড পৌৰসভা নিৰ্বাচনৰ পূৰ্বে দুগৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত (Two BJP candidates elected uncontested in Barpetarod ) ৷ মনোনয়ন দাখিল কৰিও পৰৱৰ্তী সময়ত অজ্ঞাত কাৰণত দুগৰাকীকৈ নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিলে (Independent candidate withdraws nomination in Barpetarod ) ৷

ঘৰে ঘৰে হৰি নাম গাই ভোটাৰ ৰাইজৰ মন জয়ৰ চেষ্টা পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ

পৌৰসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক-বিৰোধী সকলো দলৰ প্ৰাৰ্থী (Municipal Election 2022) ৷ ইয়াৰ মাজতে, নাৰায়ণপুৰ পৌৰসভাৰ এগৰাকী বিজেপি প্ৰাৰ্থীয়ে চলাইছে এক ব্যতিক্ৰমী ধৰণৰ নিৰ্বাচনী প্ৰচাৰ (Election Campaign by BJP candidate at Bihpuria) ৷

UP election 2022: কানপুৰত EVMত বিসংগতিৰ অভিযোগ সমাজবাদী পাৰ্টিৰ

উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ (UP election 2022)। কানপুৰৰ এটা ভোটকেন্দ্ৰৰ EVMত বিসংগতি থকাৰ অভিযোগ সমাজবাদী পাৰ্টিৰ । নিৰ্বাচন আয়োগক সমগ্ৰ বিষয়টো তদন্তৰ দাবী ।

Football players Protest: খেলপথাৰৰ দাবীত ৰাজপথত ফুটবল খেলুৱৈ

সদৌ অসম ফুটবল খেলুৱৈ সন্থাৰ আহ্বানত গুৱাহাটীত প্ৰতিবাদী সমদল খেলুৱৈৰ । গুৱাহাটী ক্লাৱৰ পৰা নেহৰু ষ্টেডিয়ামলৈ ৰাজপথত ফুটবল খেলি প্ৰতিবাদ (Protest by football players for playground in Guwahati) । ফুটবলৰ বাবে নেহৰু ষ্টেডিয়াম সংৰক্ষিত কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ ৷

ABOUT THE AUTHOR

...view details