অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি - Assam 8th Medical College

11 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Feb 16, 2022, 11:00 AM IST

আজি মনোনয়ন পত্ৰ দাখিল কৰিব ভুবন গামে

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সোমবাৰে ঘোষণা কৰা হয় মাজুলীৰ উপ নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থীৰ নাম । মাজুলীত সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে টিকট লাভ কৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(BJP Nominates Bhuban Game For Majuli ByPolls) ৷

Bappi Lahiri Passes away : চিৰবিদায় বাপ্পী দা

প্ৰখ্যাত গায়ক আৰু সুৰকাৰ বাপ্পী লাহিড়ী ওৰফে বাপ্পী দাৰ(Music Composer Singer Bappi da) প্ৰকৃত নাম আছিল আলোকেশ লাহিড়ী ৷ তেওঁ ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰখনত বহুতো স্মৰণীয় সংগীত উপহাৰ দি গৈছে । বাপ্পী দায়ে বলীউডত প্ৰথমে 'ডিস্কো ডান্স'ৰ প্ৰৱৰ্তন কৰিছিল ।

কলগাছিয়াত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়াত জনীয়া NSUI য়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

মনত দুখ পাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে

কৰ্মতৎপৰ, দুৰদৰ্শী, বিচক্ষণ বুলি পৰিচিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মনত দুখ পোৱা কাম কৰিছে এজেপি আৰু কংগ্ৰেছে(AJP-Congress Alliance Is Painful) ।

Road accident at Gohpur : গুৰুতৰভাৱে আহত তিনিজন

গহপুৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Gohpur road accident) ৷ এখন দ্ৰুতবেগী অচিনাক্ত ডাম্পাৰে মহতিয়াই নিয়ে গেছ পাইপ লাইনৰ কাম কৰা এখন টেক্টৰ আৰু বন বিভাগৰ বলেৰ গাড়ী ।

আনন্দ মিশ্রৰ বদলিৰ পিছতো স্তব্ধ হোৱা নাই নগাঁও আৰক্ষীৰ বন্দুকৰ গুলী

পুনৰ নগাঁও আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Nagaon) ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা নগাঁও আৰক্ষীৰ গুলীত সোমবাৰে আহত হ’ল ড্ৰাগছ মাফিয়া ৷

Assam 8th Medical College : লখিমপুৰত ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ উদ্বোধন

মঙলবাৰে লখিমপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয়ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (Lakhimpur Medical College and Hospital inaugurated by CM Himanta Biswa Sarma) ৷

Recruitment in Education Department: 10 মে'ৰ পূৰ্বে আৰম্ভ হ’ব শিক্ষা বিভাগৰ 20 হাজাৰ পদৰ নিযুক্তি প্ৰক্ৰিয়া

10 মে'ৰ পূৰ্বে ৰাজ্যৰ শিক্ষা বিভাগৰ 20 হাজাৰটা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ( Recruitment in Education Department ) ৷ এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) ।

কাৰ বিৰুদ্ধে থানাত এজাহাৰ দিলে ৰূপজ্যোতি কুৰ্মীয়ে ?

মৰিয়নী থানাত হঠাৎ নিশা উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিধায়কগৰাকীয়ে এজাহাৰ দাখিল কৰে (Rupjyoti Kurmi files FIR against Rahul Gandhi)।

মহানগৰত অচিৰেই চলিব অস্বাস্থ্যকৰ পানীৰ বটল কাৰখানাৰ বিৰুদ্ধে অভিযান

এইবাৰ অস্বাস্থ্যকৰ পানীৰ বটলৰ বিৰুদ্ধে অভিযান চলিব মহানগৰ জিলা প্ৰশাসনৰ (Operation against unhealthy water bottle factories) ৷

ABOUT THE AUTHOR

...view details