অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি - TOP 10 @ 11 AM

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Dec 8, 2021, 11:26 AM IST

Encounter in Shopian : দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত পুনৰ সংঘৰ্ষ

শ্বপিয়ান জিলাৰ চেক-ই-চোলেণ্ডত সন্ত্ৰাসবাদী-নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ(Encounter in Shopian) ৷ কাশ্মীৰ আৰক্ষীয়ে সদৰী কৰিছে এই কথা ৷

Deer Attack at Salbari : শালবাৰীত হৰিণাৰ আক্ৰমণত নিহত বৃদ্ধ

দিনকদিনে বাঢ়িবলৈ ধৰিছে বন্যপ্ৰাণীৰ আক্ৰমণৰ পৰিঘটনা ৷ মঙলবাৰে বাক্সা জিলাৰ শালবাৰীত মানাহৰ পৰা ওলাই অহা এটা হৰিণাই আক্ৰমণ কৰে এগৰাকী বৃদ্ধক(Deer Attack at Salbari) ৷ থিতাতে নিহত হয় বৃদ্ধগৰাকী ৷

Drugs Seized at Indo-Myanmar border : মণিপুৰ-ম্যানমাৰ সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ড্ৰাগছৰ বিৰুদ্ধে অসম ৰাইফলছৰ বৃহৎ সফলতা ৷ মণিপুৰ-ম্যানমাৰ সীমান্তত অসম ৰাইফলছে মঙলবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ(Drugs Seized at Indo-Myanmar border) ৷ মোৰে অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় প্ৰায় 500 কোটি টকা মূল্যৰ ড্ৰাগছ ৷

হোমেন বৰগোহাঞিৰ জন্ম দিৱসত ২৩ গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান

বৰেণ্য কথাশিল্পী হোমেন বৰগোহাঞিৰ ৯০ সংখ্যক জন্ম দিৱসৰ আনুষ্ঠানিক কাৰ্যসূচীত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক ২৩ গৰাকী সাহিত্যিকক অনুষ্ঠানিকভাৱে সম্বৰ্ধনা (Assam government felicitated literary pensioners) ৷ মহান সাহিত্যিক গৰাকীৰ ওপজা দিনটো সাহিত্যিক পেঞ্চন প্ৰদানৰ বাবে নিৰ্ধাৰণ কৰিছে চৰকাৰে ।

Demand to Repeal AFSPA : বঙাইগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

সেনা বাহিনীৰ সহস্ত্ৰ আইন বাতিলৰ দাবীত বঙাইগাঁৱৰ বৰপাৰাত প্ৰতিবাদ(Demand to Repeal AFSPA) ৷ নাগালেণ্ডৰ নিৰীহ শ্ৰমিকৰ হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ(KMSS protest against ambush on civilians in Nagaland) ৷

Mid Day Meal Workers Union Press Meet : শীঘ্ৰে আন্দোলনত নামিব মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকল

মঙলবাৰে ৰঙিয়াত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে সম্বোধন কৰে এক সংবাদমেল(Mid Day Meal Workers Union Press Meet)ৰ ৷ সংবাদমেলযোগে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সদস্যই ৰাজ্যজুৰি পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ কথা মন্তব্য কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ 20 ডিচেম্বৰত জিলা ভিত্তিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ দিয়ে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৷

Tension in college election : মহাবিদ্যালয়ৰ নিৰ্বাচনকলৈ আছু-এবিভিপিৰ সংঘাত

নলবাৰীৰ বৰভাগ মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক হিংসা(Election fight in Barbhag college election)। অভিযোগ প্ৰতি অভিযোগত উত্তাল বৰভাগ মহাবিদ্যালয় ৷ ইয়াৰ মাজতে, আহত হ’ব লগীয়া হ’ল মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিকুঞ্জ শৰ্মা ৷ উল্লেখ্য যে, মঙলবাৰে মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ দিন আছিল । মনোনয় দাখিলক লৈ আছু আৰু এবিভিপি সদস্যৰ মাজত সৃষ্টি হয় খণ্ড যুদ্ধৰ(AASU ABVP fight) । এই ঘটনাক লৈ দুয়োটা পক্ষই কলেজৰ সম্মুখত ধৰ্ণা দি দিলে জিন্দাবাদ মুৰ্দাবাদ ধ্বনি ।

TSR jawan in Police Remand : 5 দিনৰ বাবে ত্ৰিপুৰা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সুকান্ত দাসক

ত্ৰিপুৰাৰ এগৰাকী ৰাইফলমেনৰ বিৰুদ্ধে দুগৰাকীকৈ শীৰ্ষ বিষয়াক হত্যাৰ অভিযোগ ৷ আদালতে অভিযুক্তক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ(TSR jawan in Police Remand) প্ৰেৰণ কৰিছে ৷

Massive fire in Nalbari : শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় ভয়ংকৰ অগ্নিকাণ্ড

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire broke out Swahid Mukunda Kakati Civil Hospital)৷ চিকিৎসালয়ৰ "চলিড ৱেষ্ট মেনেজমেন্ট"ৰ গুদামত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড(Massive fire breaks out in Nalbari)। অগ্নিনিৰ্বাপক বাহিনী চিকিৎসালয়ত উপস্থিত হৈ নিৰ্বাপন কৰে জুই ৷ কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সেই বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

মাইবাং ডেজিগনেটেড কেম্পৰ হত্যাকাণ্ডৰ লগত জড়িত 5 গৰাকী DNLA ৰ সদস্যক গ্ৰেপ্তাৰ

DNLA উগ্ৰপন্থী সংগঠনৰ মাইবাং ডেজিগনেটেড কেম্পত সোমবাৰে সংগঠিত হত্যাকাণ্ডৰ লগত জড়িত 5 গৰাকী লোকক আটক কৰিছে ডিমা-হাচাও জিলাৰ আৰক্ষীয়ে (DNLA members arrested) ৷ এই হত্যাকাণ্ডৰ লগত জড়িত আছিল ডিমাছা নেচনেল লিবাৰেচন আৰ্মীৰ ডেপুটি চিএনচি প্ৰীতমজিৎ জিডোং ৷

ABOUT THE AUTHOR

...view details