ৰাজ্যত 9 বজালৈকে 12.86 শতাংশ ভোটদান
আজি ৰাজ্যৰ 5টা সমষ্টিত আৰম্ভ হৈছে উপ নিৰ্বাচন ৷ জনতা জনাৰ্দনে নিৰ্ধাৰণ কৰিব প্ৰায় 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ ইতিমধ্যে পুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
তামুলপুৰত সাংসদ নৱ শৰণীয়াৰ ভোটদান
শনিবাৰে পুৱাৰ ভাগতে তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত ভোটদান সম্পন্ন কৰে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াই ৷ সমষ্টিটোৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় 20 হাজাৰ ভোটত জয়লাভ কৰিব বুলি আশাবাদী নৱ শৰণীয়া ৷
জ্যোতিষীয়ে নিৰ্ধাৰণ কৰি দিয়া সময় চাইহে ভোটদান ফণী তালুকদাৰৰ
জ্যোতিষীয়ে নিৰ্ধাৰণ কৰি দিয়া সময় চাই নিজৰ ভোটদান সাব্যস্ত কৰিলে ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰে ৷ ভোটদান কৰি বিধানসভাৰ মূল নিৰ্বাচনতকৈ উপ নিৰ্বাচনৰ বাবে সমষ্টিবাসীৰ মনত অধিক উৎসাহ দেখিবলৈ পোৱা বুলি মন্তব্য কৰে ফণী তালুকদাৰে ৷
আজি দেশৰ তিনি লোকসভা সমষ্টি আৰু ৩০টা বিধানসভা সমষ্টিত উপ নিৰ্বাচন
উপ নিৰ্বাচনৰ বাবে শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । দেশৰ ৩ টা লোকসভা সমষ্টি আৰু ৩০ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন(By poll) । পশ্চিমবংগ, হাৰিয়ানা, বিহাৰ, অসম, হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, ৰাজস্থান, তেলেংগানা, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ।
জ্ঞানশ্ৰী বৰাক সামাজিক মাধ্যমত অশ্লীল মন্তব্য কৰাৰ সন্দৰ্ভত কৃষ্ণ গগৈৰ প্ৰতিক্ৰিয়া
ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানশ্ৰী বৰাক সামাজিক মাধ্যমত একাংশ ব্যক্তিয়ে অশ্লীল মন্তব্য প্ৰদান কৰা কাৰ্যক লৈ ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ৰাজনৈতিক বাদানুবাদৰ পিছতে বৰাৰ ফটো বিজেপিৰ IT শাখাই বিকৃত ৰূপত উপস্থাপন কৰি অশ্লীল বাক্যবাণ প্ৰয়োগেৰে সামাজিক মাধ্যমত প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত ঘটনা সন্দৰ্ভত বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সমান্তৰালকৈ থাওৰাৰ উপ নিৰ্বাচনৰ চিপিআই প্ৰাৰ্থী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷