লক্ষ্য উপ-নিৰ্বাচন; ভবানীপুৰ দখলৰ যৎপৰোনাস্তি চেষ্টা অব্যাহত বিজেপিৰ
বাক্সা জিলাৰ শালবাৰীৰ ৰূপহী, গাতিত বিজেপি দলৰ বিশাল নিৰ্বাচনী সভা ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে এই নিৰ্বাচনী সভাত ৷ কংগ্ৰেছ-এ আই ইউ ডি এফেও ফণী তালুকদাৰ জিকাটো বিচাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷
এ আই ইউ ডি এফক ভেঞ্চাৰ আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
নিৰ্বাচনী সভাত এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতিৰ বন্যা মুখ্যমন্ত্ৰীৰ ৷ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ নিজৰ নিজৰ ৰাজনৈতিক কুচ-কাৱাজ আৰম্ভ হৈছে ।
অখিল গগৈক তিনি মিনিটৰ বিধায়ক আখ্যা দিলে প্ৰশান্ত ফুকনে
থাওৰাত নিবাৰ্চনী প্ৰচাৰ চলাই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আক্ৰমণৰ লক্ষ্য কৰি লয় অখিল গগৈক । প্ৰশান্ত ফুকনে কয়, অখিল গগৈ তিনি মিনিটৰ বিধায়ক ।
পুনৰ খহনীয়াৰ কবলত কলগাছিয়াৰ বৃহত্তৰ অঞ্চল
কলগাছিয়াৰ খাৰবাল্লী আৰু সুঁতিৰপথাৰ গাঁৱৰ বৃহত্তৰ এলেকাত বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । নিশাৰ ভিতৰতে নদীৰ বুকুত জাহ গ’ল দহটাকৈ পৰিয়ালৰ বাসগৃহ ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ২নং বিকল্প ৰাজ্যিক ঘাইপথ ।
অস্তিত্বহীনতাত অবড়ো সুৰক্ষা সমিতি অসম : ব্ৰজেন মহন্ত
বুধবাৰে বিজেপি(BJP) দলত যোগদান কৰি অবড়ো সুৰক্ষা সমিতি অসম(Abodo Suraksha Samiti)ৰ বিষয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অবড়ো সুৰক্ষা সমিতি অসমৰ প্ৰাক্তন উপদেষ্টা ব্ৰজেন মহন্ত(Brajen Mahanta)ই ৷