দিছপুৰৰ বৰ ঘৰত সন্দেহযুক্ত নাগৰিকৰ বেদখল
ছিপাঝাৰ গৰুখুটিৰ উচ্ছেদ অভিযানে ৰাজ্য তোলপাৰ লগোৱাৰ পিছত এইবাৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে দিছপুৰ সমষ্টি । নাৱেৰে দিছপুৰ সমষ্টিৰ ভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে সাজিলে ঘৰ-দুবাৰ ।
ভাৰতত দ্ৰুতগতিত চলিছে ক’ভিড 19 ৰ প্ৰতিষেধক কাৰ্যসূচী
কৰ’ণা ভাইৰাছ নিৰ্মূলকৰণৰ স্বাৰ্থত দেশজুৰি টীকাকৰণ অভিযান দ্ৰুতগতিত অব্যাহত ৷ ভাৰতে যোৱা ৭ দিনত ২ লাখ ক’ভিড 19 ৰ আক্ৰান্তৰ প্ৰতিবেদন দাখিল কৰিছিল, যি আক্ৰান্তৰ হাৰৰ দুই-তৃতীয়াংশহে মাথো ৷
ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সুস্মিতা দেৱ : মমতাক প্ৰশংসা
ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ ৷ বিধানসভা অধ্যক্ষৰ পৰা বিজয়ৰ প্ৰমাণপত্ৰ ল’বলৈ সোমবাৰে প্ৰথমবাৰলৈ পশ্চিমবংগৰ বিধানসভাত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকী ৷
আগন্তুক দুৰ্গাপূজাত ধুবুৰীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
এইবেলি প্ৰথমবাৰৰ বাবে ধুবুৰীৰ দুৰ্গাপূজাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সপ্তমী আৰু অষ্টমীত ধুবুৰীৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত থাকি পূজা দিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল
অৱশেষত, ধেমাজি আৰক্ষীয়ে ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিলে দেশ কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৷ বহু সাক্ষীয়ে এই চাৰ্জশ্বীটত হত্যাকাৰীৰ বিৰুদ্ধে দাঙি ধৰিছে সাক্ষ্য ৷