অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

top 10 at 11 am
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Sep 15, 2021, 11:07 AM IST

অৱসৰৰ দিনাখনেই পেঞ্চন প্রদানৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

"অৱসৰ গ্ৰহণ কৰাৰ দিনাখনেই এগৰাকী কর্মচাৰীক যাতে পেঞ্চন প্ৰদান কৰিব পৰা যায় তাৰ বাবে এক পদ্ধতি উপলব্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আছে ৷" মহানগৰীৰ হাউছফেডস্থিত পেঞ্চন সঞ্চালকালয় পৰিদর্শন কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নতুন কাৰ্যালয়

আফ্ৰিকা এভিনিউ আৰু কস্তুৰবা গান্ধী মাৰ্গৰ দুটা নতুন কমপ্লেক্সলৈ স্থানান্তৰ কৰা হ'ব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয় । এই নতুন কাৰ্যালয় উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ভূমি সম্পৰ্কীয় কোনো ক্ষেত্ৰত ধনৰ লেন-দেন সহ্য কৰা নহ’ব : বিশ্বজিৎ পেগু

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে অনুষ্ঠিত হয় ভূমি সম্পৰ্কীয় এখন কৰ্মশালা ৷ কৰ্মশালাত উপস্থিত থকা সকলোকে জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ পণ ল’বলৈ আহ্বান জনাই জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

ৰাজ্যত বৰষুণৰ পৰিমাণ ২০ শতাংশলৈ হ্ৰাস: প্ৰভাৱান্বিত কৃষিখণ্ড

চলিত মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত অসমত স্বাভাৱিক হাৰতকৈ প্ৰায় ২০ শত‍াংশ বৰষুণ কমকৈ হৈছে । পহিলা জুনৰ পৰা ৮ ছেপ্টেম্বৰলৈকে অসমত ১২৭৫.৪ মিলিমিটাৰ বৰষুণ হ'ব লাগে যদিও এই সময়চোৱাত ৰাজ্যখনত হোৱা বৰষুণৰ পৰিমাণ হৈছে ১০৪৫.৯ মিলিমিটাৰ ।

তিনিদিনীয়া বৰাক ভ্ৰমণসূচীৰে মঙলবাৰে শিলচৰত উপস্থিত বিশ্বজিৎ দৈমাৰী

তিনি দিনীয়া বৰাক ভ্ৰমণৰ কাৰ্যসূচীৰে মঙলবাৰে শিলচৰত উপস্থিত হয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । শিলচৰ বিমানবন্দৰৰ পৰা কাছাৰ জিলাৰ উধাৰবন্দত উপস্থিত হৈ খাসপুৰ ৰাজবাৰি পৰিদৰ্শন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

বাংলাদেশৰ পৰা মঙলদৈ আহি পালে নিৰুদ্দিষ্ট মুকুল হাজৰিকা

অৱেশষত মঙলদৈত থানাত উপস্থিত হ'ল মুকুল হাজৰিকা ৷ ২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মঙলদৈৰ মুকুল হাজৰিকা ৷ আকস্মিকভাৱে বাংলাদেশ প্ৰৱেশ কৰিছিল পেচাত ৰিক্সা চালক মুকুলে ৷

অভিযন্তা দিৱস 2021: ওপজা দিনত অভিযন্তা এম বিশ্বেশ্বৰায়ক স্মৰণ

মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ৰ(Mokshagundam Visvesvaraya) জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে 15 ছেপ্তেম্বৰৰ দিনটো ‘অভিযন্তা দিৱস’(Engineers' Day) হিচাপে পালন কৰা হয় । 160 সংখ্যক জন্মদিনত বিশিষ্ট অভিযন্তাগৰাকীৰ বিষয়ে চমু আলোকপাত...

2022 ৰ ইংলেণ্ড ভ্ৰমণত দুখন টী20 খেলাৰ প্ৰস্তাৱ লাভৰ কথা স্বীকাৰ BCCI ৰ

আগন্তুক বৰ্ষৰ জুলাই মাহত ভাৰতীয় ক্ৰিকেট দলটোৱে কৰিবলগীয়া ইংলেণ্ড ভ্ৰমণৰ সময়ত ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে দলটোক দুখনকৈ অতিৰিক্ত টি 20 খেলাৰ প্ৰস্তাৱ আগবঢ়ায় ৷ এই কথা জানিবলৈ দিছে BCCI ৰ সম্পাদক জয় শ্বাহে ৷

কেপ্টাইনক লৈ ভৱিষ্যতবাণী কৰাৰ সলনি T20 বিশ্বকাপত মন দিও আহক: ৰাজীৱ শুক্লা

সম্প্ৰতি আহি থকা টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ অধিনায়ক সলনি হোৱাকলৈ চৰ্চা অব্যাহত আছে । ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্ব দিব বুলি এক বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ হৈছে । এই বাতৰি কিমান সঁচা ?

পৰিচালক ইন্দ্ৰনীল গায়নলৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমৰ ছবিজগতলৈ এক সুখৰ বতৰা ৷ বেংগালুৰুত অনুষ্ঠিত ভাৰতীয় চুটি চলচ্চিত্ৰ মহোৎসৱ 2021 ত ‘শ্ৰেষ্ঠ পৰিচালক’(Best Director)ৰ বঁটা লাভ কৰিছে নগাঁৱৰ ইন্দ্ৰনীল গায়নে(Indranil Gayan) ৷

ABOUT THE AUTHOR

...view details