অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি... - খেলৰত্ন বঁটাৰ নাম সলনি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Aug 7, 2021, 10:58 AM IST

দিল্লীৰ কৃষক আন্দোলনৰ নেতৃত্বৰ কাষত অজিত ভূঞা

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । ইয়াৰ মাজতে বিগত আঠ মাহে আন্দোলন অব্যাহত ৰখা কৃষক নেতাৰ কাষত থিয় দিলে সাংসদ অজিত কুমাৰ ভূঞা ।

খেলৰত্ন বঁটাৰ নাম সলনি : কেন্দ্ৰৰ সিদ্ধান্তক myopic আখ্যা কংগ্ৰেছৰ

খেলৰত্ন বঁটাৰ নাম সলনি কৰাৰ বাবে মোডী চৰকাৰৰ সিদ্ধান্তক লৈ সৰৱ ভাৰতীয় জাতীয় কংগ্ৰেছ( Indian National Congress) ৷ চৰকাৰৰ এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিলে জাতীয় চৰকাৰে ৷

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস

অসমৰ হস্ততাঁত শিল্পৰ ইতিহাস অতি পুৰণি । সুদুৰ অতীতৰে পৰা অসমীয়া তিৰোতাই শিপিনীৰূপে পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল ।

নাগালেণ্ডত নিকি-চুমি গোটৰ কেডাৰ আটক

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত কৰায়ত্ত NSCN-K ৰ কেডাৰ ৷ আটকাধীন কেডাৰজন নাগালেণ্ডত নিকি-চুমি গোটৰ ৷

শিশুৱে মাকৰ নাম-উপাধি গ্ৰহণ কৰাৰ অধিকাৰ আছে : উচ্চ ন্যায়ালয়

এটি শিশুৱে পিতৃৰ নে মাতৃৰ উপাধি গ্ৰহণ কৰিব, সেই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ৷ এটি শিশুৱে পিতৃৰ উপাধি গ্ৰহণ কৰিবই লাগিব লাগিব বুলি শিশুৰ পিতৃয়ে আৰোপ কৰিব নোৱাৰিব কোনো সিদ্ধান্ত ৷

JEE-Main ৰ third edition ৰ ফলাফল ঘোষণা

শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই(National Testing Agency) অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-Mainৰ third edition ৰ ফলাফল ঘোষণা কৰে ৷ third edition ৰ পৰীক্ষাত মুঠ 17 জন পৰীক্ষাৰ্থীয়ে লাভ কৰিছে 100 শতাংশ নম্বৰ ৷

যোগানমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে ৰাজপথত উত্তাল প্ৰতিবাদ

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোগান মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতিয়ে । বিক্ষোভ কাৰ্যসূচীত সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি গগৈৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ অৰ্ধ শতাধিক বিষয়-ববীয়াই অংশগ্ৰহণ কৰি অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় ।

সোণৰ হৃদয় : প্ৰশিক্ষণৰ সময়ত যাতায়াতত সহায় কৰা ট্ৰাক চালকক কৃতজ্ঞতা মীৰাবাঈ চানুৰ

কৃতজ্ঞতা প্ৰকাশৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে ভাৰোত্তোলক চাইখম মীৰাবাঈ চানুৱে ৷ প্ৰশিক্ষণৰ সময়ত বিনামূলীয়াকৈ যাতায়াতত সহায় কৰা ট্ৰাকচালক সকলক সম্বৰ্ধনা জনালে খেলুৱৈগৰাকীয়ে ৷

আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ মনোনীত হ’ল ‘God on the Balcony’

পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি মহোৎসৱলৈ মনোনীত হ’ল এখন অসমীয়া ছবি ৷ 12th Indian Film Festival of Melbourne 2021ৰ তিনিটা শাখাত মনোনীত ‘God on the Balcony’ (বেলকনিত ভগৱান) ছবিখন ৷

WOW! ইণ্ডিৰা গান্ধীৰ ৰূপত লাৰা দত্ত ?

প্ৰয়াত প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধী(Indira Gandhi)ৰ চৰিত্ৰ ৰূপায়ণ কৰাটো লাৰা দত্ত(Lara Dutta)ৰ ইমান সহজ নাছিল । প্ৰতিটো দৃশ্যগ্ৰহণত লাৰাক ইণ্ডিৰা গান্ধীৰ ৰূপত সজাই তোলাৰ বাবে ৩ ঘণ্টা সময় প্ৰয়োজন হৈছিল ।

ABOUT THE AUTHOR

...view details