অসম

assam

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি - জল জীৱন মিছন আঁচনি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 11 AM
11 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jun 27, 2021, 11:07 AM IST

ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা জাৰি...

ক'ভিড আক্ৰান্তৰ হাৰ হ্ৰাস পোৱা জিলাসমূহত সোমবাৰৰ পৰা ৪ বজালৈ খোলা ৰাখিব পাৰিব দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয় । আনহাতে সান্ধ্য আইন প্ৰযোজ্য হ'ব সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ ।

অসম আৰক্ষীৰ ১৯৩ গৰাকী আৰক্ষী বিষয়াক বদলি

অসম আৰক্ষী(Assam Police) ত বছৰৰ সৰ্ববৃহৎ ৰদবদল ৷ ৰাজ্যৰ প্ৰায় সকলো থানাৰে ভাৰপ্ৰাপ্ত বিষয়া সকলক সাল-সলনি কৰাৰ লগতে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা, চিআইডি(CID) আদিৰো বহু বিষয়াক ৰদবদল কৰা হৈছে ৰাজ্যৰ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৷

জল জীৱন মিছন আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্রীৰ

ৰাজ্যখনৰ ৮০০খন চাহ বাগিচাৰ লোকক অতি সোনকালে পাইপ লাইনযোগে পানী যোগান ধৰাৰ নিৰ্দেশ । জিলা আৰু মহকুমা পৰ্যায়ত এমাহৰ ভিতৰত ২০০টা এন এ বি এল অনুমোদিত পানী পৰীক্ষাগাৰ স্থাপন কৰিব লাগিব। অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয় সমূহলৈ পাইপলাইনযুক্ত পানীৰ সংযোগ ব্যৱস্থা খৰতকীয়া কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।

নিশ্চিহ্ন হোৱাৰ পথত ধেমাজি জিলাৰ একমাত্ৰ নদীদ্বীপ কবুচাপৰি

জোনাইত চিয়াং-লালী নদীৰ গৰাখহনীয়াত নিশ্চিহ্ন হোৱাৰ পথত ধেমাজি জিলাৰ একমাত্ৰ নদীদ্বীপ কবুচাপৰিত চৰকাৰী উন্নয়নে ঢুকি পোৱা নাই ৷ জোনাইৰ একমাত্ৰ নদীদ্বীপ কবু চাপৰি অঞ্চল, দুৰ্গম বাট-পথ, নাই অনাময় ব্যৱস্থা, স্বাস্থ্য, বিশুদ্ধ খোৱা-পানী এশ এবুৰি সমস্যাৰে জৰ্জৰিত কবুচাপৰি ৷

কলগাছিয়াৰ গুইলেজাত অব্যাহত বেকী নদীৰ গৰাখহনীয়া

বিগত দহ বছৰ ধৰি বেকী নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰন কৰি গুইলেজা, বৰডাংগা, চৰচৰীয়া, জেকনিকুৰা, মিনিছিমলা আদি ৰাজহ গাঁও সমূহ নিশ্চিহ্ন কৰি পেলোৱাৰ লগতে বানপানীৰ প্ৰাক মূহুৰ্তত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰন কৰি চৰ গুইলেজাত কেইবাটাও পৰিয়ালৰ ঘৰ-ভেটি উচন কৰিছে ৷

আহুধানৰ খেতি কৰি আহুকালত ধেমাজিৰ কৃষক

ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে আহুধানৰ খেতিৰে টনকিয়াল হোৱাৰ চেষ্টা কৰি বিপদত পৰিছে ধেমাজিৰ একাংশ কৃষক ৷ নিৰ্ধাৰিত সময়ত ধানৰ বীজ নোলোৱাত ক্ষোভ উজাৰিছে এইসকল ভুক্তভোগী কৃষকে ৷

ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি আৰক্ষীৰ জালত চৰকাৰী বিষয়া

চৰকাৰী বদলিৰ নিৰ্দেশ স্থগিত ৰাখিবলৈ নিজকে ক'ভিড পজিটিভ সজালে নগাঁৱৰ এগৰাকী কৃষি বিষয়াই ৷ চিকিৎসকৰ চহী জালিয়াতিৰে ঊৰ্ধতন কৰ্তৃপক্ষক ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰিছিল কৃষি বিষয়া প্ৰবীণ বৰুৱাই ৷

নামৰূপ সাৰ কাৰখানাৰ সম্মুখত 15 বছৰীয়া প্ৰৱঞ্চনা দিৱস পালন

নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নামৰূপ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সম্মুখত 15 বছৰীয়া প্ৰৱঞ্চনা দিৱস পালন ৷ সাৰ উদোগটো কাগজকলৰ দৰে বন্ধ হ'ব লগা হ’লে সমগ্ৰ ৰাজ্যৰ অৰ্থনীতি ভাঙি পৰিব বুলি মন্তব্য আছু কৰ্মীৰ ৷

তেজপুৰত একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে বনজ সম্পদৰ লুণ্ঠনৰাজ

শিল-বালিৰ অবৈধ সৰবৰাহৰ এক অভিযোগ উত্থাপন কৰা পাচতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশমৰ্মে তিনিখনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ কৰা হয় ৷ অভিযোগ উত্থাপন কৰিছিল তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ৷ তেজপুৰ বন সংমণ্ডলৰ এটা অভিযানকাৰী দলে এই ডাম্পাৰ তিনিখন জব্দ কৰে ৷

কাৰ ৰেচন কাৰ্ড ঘূৰাই লোৱাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্রীয়ে ?

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন সূচাৰুৰূপে ৰূপায়ণত গুৰুত্ব মুখ্যমন্ত্ৰীৰ । ৰেচন কাৰ্ডৰ গ্ৰাহকৰ সংখ্যা অনুসৰি সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ সংখ্যা নিয়মীয়া কৰাৰ নিৰ্দেশ ।

ABOUT THE AUTHOR

...view details