অসম

assam

ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ খবৰ - TOP 10 @ 11 AM

11 বজাৰ 10 টা শীৰ্ষ খবৰ

11 বজাৰ 10 টা শীৰ্ষ খবৰ
11 বজাৰ 10 টা শীৰ্ষ খবৰ

By

Published : Jun 9, 2021, 11:03 AM IST

1.ৰঙিয়াত বৰলীয়াৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল

ৰঙিয়া-হাজোৰ মাজত সংযোগ স্থাপন কৰা এই দলংখন উটুৱাই দিয়ে বৰলীয়া নৈৰ বাঢ়নী পানীয়ে ৷ বিগত কেইবাদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ পাচতে ফেনে-ফুটুকাৰে বাঢ়ি আহিছে বৰলীয়া নৈ ৷

2.জালুকবাৰী সমষ্টিৰ খহনীয়াৰ বুজ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ পৰিদৰ্শনকালত তেওঁৰ সৈতে উপস্থিত থাকে জলসম্পদ বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়া ৷

3.কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ৷ ৰাজ্যখনৰ কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয় কৰিব ত্ৰিপুৰা চৰকাৰে ৷ এই ধান কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰা হ'ব বুলি জানিবলৈ দিছে ত্ৰিপুৰাৰ খাদ্য আৰু অসামৰিক যোগানমন্ত্ৰী মনোজ কান্তি দেৱে ৷

4.ফেনে-ফুটুকাৰে বাঢ়ি আহিছে আই নদী: জলমগ্ন কেইবাখনো গাঁও

চিৰাঙৰ আই নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে চিদলী বিধানসভা সমষ্টিৰ কেইবাখনো গাঁও জলমগ্ন হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকে ৷ চিৰাং জিলাৰ ৩১ নং চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদাৰপুৰ, ডাবাবিল, নাথুৰবাৰীকে আদি কৰি বহু কেইখন গাঁৱৰ পথ ভাঙি যোৱাৰ লগতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে কেইবাখনো দলং ৷

5. সুস্থ হৈ উঠিছে ক্ৰীড়া তাৰকা মিলখা সিঙ

কৰ'ণা(COVID-19)ৰ চিকিৎসা চলি থকাৰ মাজতে পূৰ্বতকৈ কিছু উন্নত হৈ উঠিছে ক্ৰীড়া তাৰকা মিলখা সিঙৰ স্বাস্থ্য ৷ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (পিজিআইএমইআৰ) স্বাস্থ্য বুলেটিন অনুসৰি মিলখা সিঙৰ অৱস্থাৰ ক্ৰমাৎ উন্নতি হৈছে ।

6.পুনৰ পানী এৰিলে নীপকো(NEEPCO)ৱে: শংকিত লখিমপুৰবাসী

নীপকো(NEEPCO)ৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত সংকট নামি আহিছে লখিমপুৰবাসী ৰাইজলৈ ৷ নীপকোৱে 1500 ঘনমিটাৰ পৰ্যন্ত বৃদ্ধি কৰে এৰি দিয়া পানীৰ পৰিমাণ ।

7.দমকল মিস্ত্ৰীৰ বাসগৃহৰ দমকলত ওলাইছে হালধীয়া পানী

মাণিকপুৰত দমকলৰ পৰা নিৰ্গত পানীক লৈ চাঞ্চল্য সৃষ্টি ৷ দমকলৰ পৰা নিৰ্গত হৈ আছে অস্বাভাৱিক হালধীয়া পানী । অঞ্চলটোৰ ২ নং দুপুৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ ৰাইজৰ মাজত উৎসুকতা ৷

8. ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ সন্দৰ্ভত চাবুৱাত ৰাজহুৱা সভা

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ পট্টাদাৰসকলক লৈ দিনজ্বয় বালিজান পানীএৰা গাঁৱত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ লগতে ডিব্ৰুগড়ৰ অতিৰিক্ত উপায়ুক্ত জোনমণি সোণোৱাল, চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতুপল্লৱ ‌বৰুৱা আদি ৷

9.তুলসীবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ যোগান বিভাগ

ৰাজ্যত কৰ'ণা সংক্ৰমণ ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতিয়ে প্ৰভাৱিত কৰিছে সৰ্বসাধাৰণ লোকক ‌। এনে এক সময়তে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে চুই গৈছে গ্ৰাহকসকলক। অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ ল'ব নোৱাৰাৰ বাবে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে গ্ৰহণ কৰিছে কেতবোৰ ব্যৱস্থা ।

10.বিস্ফোৰণত ধ্বংস বিহাৰৰ বাংকা জিলাৰ এখন মাদ্ৰাছা

আৰক্ষীয়ে জনোৱা মতে ফৰেনচিকৰ দলক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই যদিও এক খবৰ অনুসৰি দুইৰ পৰা তিনিজন লোক আহত হৈছে এই ঘটনাত।

ABOUT THE AUTHOR

...view details