ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...
20 জুনলৈ লক ডাউন বৃদ্ধিৰ সিদ্ধান্ত অন্ধপ্ৰদেশ চৰকাৰৰ
অন্ধ্ৰপ্ৰদেশ চৰকাৰে লক ডাউনত শিথিলতা অনাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ চৰকাৰে পূৰ্বে বলৱৎ কৰা সান্ধ্য আইন দিনৰ 12 বজাৰ পৰা পুৱা 6 বজালৈ বলৱৎ আছিল ৷
চৰকাৰৰ ভেকচিন নীতিক সমালোচনা কংগ্ৰেছৰ
কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষেধক নীতিক লৈ তীব্ৰ আক্ৰমণ কৰি কংগ্ৰেছৰ ৷ দলটোৰ মুখপাত্ৰ জয়বীৰ শ্বেৰগিলে অভিযোগ উত্থাপন কৰি কয় যে, ভাৰতীয় জনতা পাৰ্টী সম্পূৰ্ণ সক্ৰিয় হৈ থাকে যেতিয়া ঘৰে ঘৰে ভোট বিচৰাৰ সময় হয় ৷ কিন্তু যেতিয়া ঘৰে ঘৰে ভেকছিন দিয়াৰ সময় হয় তেতিয়া সম্পূৰ্ণ নিদ্ৰামগ্ন হৈ থাকে ।
পুণে অগ্নিকাণ্ড: মৃতকৰ সংখ্যা 17 লৈ বৃদ্ধি
মহাৰাষ্ট্ৰৰ পুণেৰ পিৰংগুটত কেমিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত এই পৰ্যন্ত 17 জন লোকৰ মৃত্যু ৷ বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷
আনন্দ মিশ্ৰৰ বিৰুদ্ধে NIA পৰ্যায়ৰ তদন্তৰ দাবী
নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে তদন্তৰ আহ্বান প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ৷ ছ’চিয়েল মিডিয়াকে আদি কৰি বিভিন্ন মাধ্যমত জনপ্ৰিয় হৈ পৰা আৰক্ষী অধীক্ষক মিশ্ৰৰ বিৰুদ্ধে NIAৰ তদন্তৰ দাবী জনাইছে প্ৰাক্তন সাংসদ ডেকাই ৷