জাগুনত গ্ৰেনেড বিস্ফোৰণত নিহত কিশোৰ
মঙলবাৰে পুৱাৰ ভাগত জাগুনৰ কথাকাঠনিত গ্ৰেনেড বিস্ফোৰণ ৷ বিস্ফোৰণত এজন 12 বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে আহত হয় এজন যুৱক ৷
ধ্বংসৰ গৰাহত ঐতিহাসিক বিষ্ণুদ’ল
ধ্বংসৰ দিশে গতি কৰিছে ঐতিহাসিক নামতিদ’লত অৱস্থিত বিষ্ণুদ’ল ৷ চপৰা-চপৰে খহিছে বিষ্ণুদ’লৰ চটীয়া ইটা ৷ এতিয়াও দৃষ্টিগোচৰ হোৱা নাই সংশ্লিষ্ট বিভাগৰ ৷
ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল
ধুবুৰীত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল । নিমাত ধুবুৰী জিলা প্ৰশাসন । ধুবুৰীৰ বজাৰত নাই সামাজিক দূৰত্ব, অত্যাধিক ভিৰ বজাৰত । কেৱল মেলা সদৃশ পৰিৱেশ ধুবুৰীৰ বজাৰত ।
বৰপেটা অসামৰিক চিকিৎসালয়ত এজন কৰ'ণা ৰোগীৰ মৃত্যু
ৰাজ্যত অব্যাহত আছে ক'ভিড-১৯ মহামাৰীৰ সংহাৰ । সোমবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ত কৰ'ণাত আক্ৰান্ত এগৰাকী ৰোগীৰ মৃত্যু ।
জিনজিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভংগ ক'ভিড প্ৰট'কল
স্বাস্থ্য বিভাগে 18 বছৰ পৰা 44 বছৰ সকলো লোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাৰ পাচতে জিনজিয়া নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দেখা গ'ল ব্যাপক ভিৰ ৷ স্বাস্থ্য কেন্দ্ৰসমূহত কোনো ধৰনৰ ক'ভিড প্ৰট'কল মানি চলা দেখা নগ'ল ৷