অসম

assam

By

Published : May 9, 2021, 11:02 AM IST

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...

দিল্লীৰ ব্লু-প্ৰিণ্ট: হিমন্তই হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী

ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই আজি প্ৰস্তাৱ কৰিব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে সমৰ্থন কৰিব সোণোৱালৰ প্ৰস্তাৱ ৷

নতুন মন্ত্ৰীসভাত অগপৰ তিনি বিধায়কে পাব মন্ত্ৰীত্ব : কেশৱ মহন্ত

অগপ দলৰ কাৰ্য‍কৰী সভাপতি কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব‍্য, দুই-এদিনতে দূৰ হ'ব ৰাজ‍্যৰ ৰাজনৈতিক অচলাৱস্থা ৷ বিগ ব্ৰাডাৰ বিজেপিয়ে নিৰ্বাচন কৰিব ৰাজ‍্যৰ পৰৱৰ্তী মুখ‍্যমন্ত্ৰী ।

কলিয়াবৰত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে কেশৱ মহন্তই

কলিয়াবৰত শনিবাৰে ক’ভিড সম্পৰ্কে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নৱ নিৰ্বাচিত বিধায়ক তথা অগপ নেতা কেশৱ মহন্ত ৷ দুখনকৈ চিকিৎসালয়ক ক’ভিড চিকিৎসালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মহন্তই ৷

ৰাজমাইৰ সাপ্তাহিক বজাৰত ধোঁৱাচাঙত ক’ভিড প্ৰট’কল

ক’ভিড প্ৰট’কল ধোঁৱাচাঙত উঠিল মৰাণৰ বৃহৎ সাপ্তাহিক ৰাজমাই বজাৰত ৷ ক’ভিড নিয়ম উলংঘা কৰি দেওবাৰে পুৱা বিভিন্ন শাক-পাচলি আৰু পশুধন লৈ ব্যৱসায়ীসকলে ভীৰ কৰা পৰিলক্ষিত হয় । সমগ্ৰ ৰাজ্যত ক'ভিড 19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বজাৰসমূহ বন্ধৰ নিৰ্দেশ দিছিল যদিও প্ৰশাসনৰ নিৰ্দেশনা অতি পলমকৈ পোৱাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ব্যৱসায়ীসকলে দেওবাৰে পুৱাৰে পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজমাই বজাৰত ভীৰ কৰা দেখা যায় । ইয়াৰ পাছতে আৰক্ষী-প্ৰশাসনৰ লোক বজাৰত উপস্থিত হৈ বজাৰ ভংগ কৰি দিয়ে । উক্ত বজাৰ বন্ধ কৰিবলৈ প্ৰশাসন যথেষ্ট কঠোৰ হ'বলৈ বাধ্য হোৱা পৰিলক্ষিত হয় ।

গোৱালপাৰাত ক’ভিড ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেঞ্চ সেৱা

সমগ্ৰ দেশতে অক্সিজেনৰ নাটনি হোৱাৰ সময়তে গোৱালপাৰাত ক’ভিড ৰোগীসকলৰ বাবে অক্সিজেনসহ বিনামূলীয়া এম্বুলেঞ্চ সেৱাৰ যোগান ‘ভাইটি মিউজিক কোম্পানী’ নামৰ এটি ইউ টিউব চেনেলৰ ৷ এটা ফোনকলতে জিলাখনৰ ৰোগীসকলৰ ঘৰত উপস্থিত হ’ব বিনামূলীয়া এম্বুলেঞ্চ ৷

ধেমাজিত শেহতীয়াকৈ 109 জনৰ দেহত ক’ভিড 19

ধেমাজি জিলাত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰ’ণা সংক্ৰমণে ৷ শনিবাৰৰ দিনটোত জিলাখনত নতুনকৈ 109 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে ৷

তিনিচুকীয়াত পদপথৰ গ্ৰন্থাগাৰ উদ্বোধন

লেখক অমৃত ৰাজখোৱাই ব্যক্তিগত প্ৰচেষ্টাৰে নিজা বাসগৃহত এটি ব্যক্তিগত গ্ৰন্থাগাৰ স্থাপন কৰি বৃহত্তৰ লাইপুলি অঞ্চলৰ পঢ়ুৱৈসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ সজাগতা সৃষ্টিৰ এটি সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ উক্ত গ্ৰন্থাগাৰত ১০ জন পঢ়ুৱৈয়ে পঢ়িব পৰাকৈ অসমীয়া, বাংলা আৰু ইংৰাজী সাহিত্যিকৰ ভালেসংখ্যক মূল্যবান গ্ৰন্থ আৰু অমৃত ৰাজখোৱাৰ গ্ৰন্থ সম্ভাৰ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

টিটিএডিচিৰ উন্নয়নৰ বাবে এবছৰৰ দৰমহা প্ৰদান টিপ্ৰাৰ অধ্যক্ষৰ

ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ উন্নয়নৰ বাবে এটা বছৰৰ সম্পূৰ্ণ দৰমহা দান কৰিছে টিপ্ৰা(TIPRA)ৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৷

জুইত জাহ গ’ল তেজপুৰৰ চ’ক বজাৰ

তেজপুৰ চহৰৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডটোত জাহ গ’ল সমগ্ৰ চ’ক বজাৰ অঞ্চল । আৰক্ষীয়ে জনোৱা মতে, শ্ব’ৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে । নিশা দাওদাওকৈ জ্বলি উঠিল অঞ্চলটোৰ ইখনৰ পাচত সিখনকৈ দোকান । দেওবাৰে পুৱতি নিশালৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে অগ্নিনিৰ্বাপক বাহিনী আৰু বায়ুসেনাই । কিন্তু বৰ্তমানলৈকে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই । এই অগ্নিকাণ্ডৰ ফলত 130 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় ৷

আৰএছএছৰ আজীৱন সেৱক জগত চন্দ্ৰ ৰায়ৰ পৰলোকপ্ৰাপ্তি

মৰিগাঁও জিলাৰ কুটুম্ব প্ৰবোধন তথা আজীৱন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱক জগত চন্দ্ৰ ৰায়ৰ পৰলোকপ্ৰাপ্তি ।

ABOUT THE AUTHOR

...view details