চাৰ্টাৰ্ড বিমানযোগে পুৱাতেই দিল্লীলৈ ৰাওনা সৰ্বা-হিমন্ত
পুৱাই চাৰ্টাৰ্ড বিমানযোগে দিল্লীলৈ ৰাওনা হয় সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনাত মিলিত হ’ব সোণোৱাল আৰু ডঃ শৰ্মা ৷
ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ তৎপৰ ডিব্ৰুগড় প্ৰশাসন
ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় প্ৰশাসন । এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু ডিব্ৰুগড় পৌৰসভাই চহৰখনৰ নিউ মাৰ্কেট, কেন্দ্ৰীয় কাৰাগাৰৰ লগতে বিভিন্ন স্থানত কৰে চেনিটাইজেছনৰ ব্যৱস্থা ।
মৰিগাঁৱত 3 টা কণ্টেইনমেণ্ট জ’ন ঘোষণা
জন সাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত মৰিগাঁৱত তিনিটাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা ৷ প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি নিজৰাপাৰ, চৰাইবাহী আৰু কিশোৰ ক্লাবক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জ’ন হিচাপে ৷
লখিমপুৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৯৩০ জনলৈ বৃদ্ধি
লখিমপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । জিলাখনত বৰ্তমানলৈকে ৯৩০ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনত জিলাখনত কৰ'ণাত আক্ৰান্ত হৈছে ১১৭ জন ।
নৈশ বাছৰ খুন্দাত বিশ্বনাথত থিতাতে নিহত এজন ব্যক্তি
বিশ্বনাথ নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা । নৈশ বাছৰ খুন্দাত থিতাতে নিহত চিকিৎসালয়ৰ কৰ্মচাৰী ৷