অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই
অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত হঠাৎ হাহাকাৰ । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাত হুৱাদুৱা লাগে ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ মাজত ।
ঐতিহাসিক চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ
চৰাইদেউ মৈদামক কেন্দ্ৰ কৰি মিডিয়া মেনেজমেণ্ট এণ্ড ৰিছাৰ্ছ এছচিয়েছনৰ সংবাদ মেল ৷ মৈদামক কেন্দ্ৰ কৰি ষড়যন্ত্ৰৰ অভিযোগ ৷ এখন শুদ্ধ আৰু প্ৰকৃত মেপ প্ৰস্তুতৰ দাবী সংগঠনটোৰ ৷
ডুমডুমাৰ দিচাম দেৱঁ সত্ৰত সেৱা ল’লে ড° হিমন্ত বিশ্ব শৰ্মাই
ডুমডুমাৰ দহোঁটীয়াস্থিত দিচাম দেৱঁ সত্ৰত উপস্থিত ড° হিমন্ত বিশ্ব শৰ্মা । নৱ-নিৰ্মিত সত্ৰখনৰ নিৰ্মাণকাৰ্যৰ বুজ লয় ড° হিমন্ত বিশ্ব শৰ্মাই ৷
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ ক'ভিড পৰীক্ষা সম্পন্ন
ক'ভিড পৰীক্ষা কৰি ভোট গণনাৰ বাবে সাজু হৈছে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । বিধায়কগৰাকীৰ ব্যক্তিগত সচিব প্ৰণৱ গগৈৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক । প্ৰণৱ গগৈৰ আৰোগ্য কামনাৰে বিধায়কৰ কাৰ্যালয়ত প্ৰাৰ্থনা জনালে বিধায়ক আৰু দলীয় কৰ্মীয়ে ।
হোজাই জিলাত ১৪৪ ধাৰা জাৰি
ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণ আৰু ২ মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ ধাৰা জাৰি কৰা হৈছে হোজাইত । নিৰ্বাচন আয়োগৰ নিৰ্দেশ মর্মে হোজাইৰ জিলা দণ্ডাধীশে নিষেধাজ্ঞা জাৰি কৰে । ২ মে'ৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশ ।