তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ ৰেপিড এণ্টিজেন-আৰটি-পিচিআৰ পৰীক্ষাত মিশ্ৰিত ফলাফল
বিগত 19 এপ্ৰিলত ক’ভিডত আক্ৰান্ত হোৱাৰ পাচত বুধবাৰে ৰেপিড এণ্টিজেন টেষ্টত নিগেটিভ ফলাফল পোৱা গৈছে তেলাংগানাৰ মুখ্যমন্ত্ৰী গৰাকীৰ ৷ অৱশ্যে বৰ্তমানো আৰটি-পিচিআৰ পৰীক্ষাই কোনো নিৰ্দিষ্ট ফলাফল পঠিওৱা নাই ।
ক'ভিড-১৯: ত্ৰিপুৰাত ডাবল মিউটেণ্টৰ দ্বাৰা সংক্ৰমিত লোক চিনাক্ত
মহাৰাষ্ট্ৰত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা ক'ভিডৰ ডাবল মিউটেণ্টৰ দ্বাৰা সংক্ৰমিত হোৱা লোক চিনাক্ত হৈছে ত্ৰিপুৰাত । শুক্ৰবাৰে জ্যেষ্ঠ ভাইৰ'ল'জিষ্ট ডাঃ তপন মজুমদাৰে নিশ্চিত কৰে এই তথ্য । ডাবল মিউটেণ্টৰ সংক্ৰমণ ৰুধিবলৈ পূৰ্বতকৈ অধিক সতৰ্কতা অৱলম্বন কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ।
ক'ভিডক লৈ কঠোৰ হৈছে ত্ৰিপুৰা চৰকাৰ
ত্ৰিপুৰাৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাজ্যখনলৈ অহা সকলো ব্যক্তিৰে কোৱাৰেন্টাইনৰ নিয়মসমূহ পুনৰ কঠোৰ কৰি তুলিছে । ৰাজ্যখনৰ প্ৰৱেশ পথৰ মূল বিন্দুত চৰকাৰে এশ শতাংশই কঠোৰ নিয়মাৱলী গ্ৰহণ কৰিছে ।
কৰ’ণাক্ৰান্ত মৃতদেহ সৎকাৰৰ পৰা বঞ্চিত এগৰাকী মহিলা
বৃহস্পতিবাৰে কৰ’ণাত আক্ৰান্ত মৃতদেহক লৈ কলগাছিয়াত হাহাকাৰ পৰিস্থিতি ৷ কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা এজন লোকক অন্তিম সৎকাৰ কৰাৰ বাবে অস্বীকাৰ সমাজৰ ৷
অসম বিধানসভাৰ নিৰ্বাচন: কাৰ পক্ষত নিৰ্বাচনী সমীক্ষাসমূহ ?
এখন কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি দেশৰ চাৰিখন ৰাজ্যত প্ৰায় এটা মাহ ধৰি আঠটা পৰ্যায়ক সামৰি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ বৃহস্পতিবাৰে অন্ত পৰে ৷ এই নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে এতিয়া বিভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে প্ৰতিষ্ঠানসমূহৰ নিজা নিৰ্বাচনী সমীক্ষা ৷