উলুবাৰীৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ ভূমিকম্পৰ পাচৰ দৃশ্য
বুধবাৰে পুৱাৰ ভাগত ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূৱ জোকাৰি যায় তিনিটাকৈ ভিন্ন প্ৰাবল্যৰ ভূমিকম্পই ৷ এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ট পৰিমাণে ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ লেখীয়াকৈ গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত ছিগনেচাৰ এপাৰ্টমেণ্টত হৈছে বিস্তৰ ক্ষতি ৷ এপাৰ্টমেণ্টটোত পানীৰ টেংকী ভাঙি গৈ এপাৰ্টমেণ্টৰ ভিতৰত পানী সোমাই যায় ৷ যাৰ ফলস্বৰূপে সংকটত পৰিছে এপাৰ্টমেণ্টটোৰ আৱাসীসকল ৷
১২ বছৰীয়া কিশোৰী চুমিলাৰ হত্যাকাণ্ডই কপাইছে ৰাজ্য
নগাঁও জিলাৰ ৰহাত সংঘটিত চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডই এতিয়া কপাইছে সমগ্ৰ ৰাজ্য ৷ এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো এজন লোক দোষী সাব্যস্ত হোৱা নাই ৷ চুমিলা ৰংহাংপীৰ হত্যাৰ ন্যায় বিচাৰি আজি নগাঁৱতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 7 টাকৈ দল-সংগঠনে ৷
পাঠশালাৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক
মঙলবাৰে নিশা প্ৰায় 10.15 বজাত পাঠশালাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাবি ৰেষ্টুৰেণ্টৰ সম্মুখত দাওদাওকৈ জ্বলি উঠে এখন মালবাহী ট্ৰাক ৷ এই অগ্নিকাণ্ডৰ ফলত ট্ৰাকখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ অৱশ্যে বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ ৷ ইফালে অগ্নিকাণ্ডটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।
ভাইৰেল ভিডিঅ': কেমেৰাৰ সন্মুখতে নিৰ্মমভাৱে প্ৰহাৰ কৰা হ'ল যুৱতীক
বাক্সাত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা ৷ ৰাজহুৱা বিচাৰ সভাত কেমেৰা সন্মুখতে একাংশ যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰিলে এগৰাকী যুৱতীক ৷
ৰূপহীহাট আৰক্ষীৰ জালত আইপিএলৰ জুৱাৰী
আইপিএলৰ জুৱা খেলাত ব্যস্ত এতিয়া ৰাজ্যৰ একাংশ লোক ৷ মঙলবাৰে ৰূপহীহাট আৰক্ষীৰ গোপন অভিযান ৷ আটক কৰা হ'ল ৩৬ হাজাৰ টকা সহ দুজনকৈ জুৱাৰীক ৷