অসম

assam

By

Published : Apr 26, 2021, 11:01 AM IST

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...

18 বছৰৰ ঊৰ্ধৰ ব্যক্তিক বিনামূলীয়া টীকাকৰণ ওড়িশা চৰকাৰৰ

ওড়িশাত 18-44 বছৰৰ সকলো লোকৰ বাবে ক’ভিডৰ বিনামূলীয়া টীকাকৰণৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷

ৰূপহীহাটত মীন মহলৰ ভূমি বেদখলৰ অভিযোগ

ৰূপহীহাটৰ জুৰীয়াৰ বৰালীমাৰিত ৰাজহুৱা মীন মহলৰ ভূমি বেদখল কৰি প্ৰকাণ্ড পুখুৰী খান্দিছে তজমল হুছেইন নামৰ এজন লোকে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ শীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে মীন মহলটো সম্পূৰ্ণৰূপে বেদখলকাৰীৰ কবলত পৰাৰ আশংকা ৰাইজৰ ৷

আৰক্ষীৰ জালত হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত

সৰ্থেবাৰীৰ কাৰাকুছিৰ হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধীৰাজ ভূঞা আৰক্ষীৰ জালত । নগাঁৱৰ বটদ্ৰৱাত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত ভূঞাক ৷

ক’ভিড সৃষ্ট পৰিৱেশ: ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সাহায্যৰ চেষ্টা

ক’ভিড 19 ৰ সাহায্যৰ দিশত ভাৰতীয় বায়ু সেনাই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ভাৰতীয় বায়ুসেনাৰ এটা চি-১৭ য়ে ছিংগাপুৰত 4 টা খালী ক্ৰায়'জেনিক অক্সিজেন পাত্ৰ লোড কৰাৰ লগতে পুণেৰ পৰা ২ টা খালী ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ লোড কৰে ৷

ওড়িশাত মহামাৰী কৰ’ণাই প্ৰাণ ল'লে সাংবাদিকৰ

পূৰ্বে ইটিভি ভাৰতৰ সৈতে কাম কৰা আমজাদ বাদশ্বাহ নামৰ সাংবাদিক গৰাকীয়ে দেওবাৰে ক'ৰণাত আক্ৰান্ত হৈ 45 বছৰতে মৃত্যু মুখত পৰে ৷

বাগদাদৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত 82 গৰাকী ৰোগীৰ মৃত্যু

বাগদাদত কৰ’ণা ভাইৰাছৰ ৰোগী থকা এখন চিকিৎসালয়ত ভয়াবহ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডত নিহত হয় 82গৰাকী আৰু আহত হৈছে প্ৰায় 110তকৈ অধিক কৰ’ণা ৰোগী ৷

পশ্চিমবংগৰ নিৰ্বাচন: সোমবাৰে সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ

ইতিমধ্যে পশ্চিমবংগত অনুষ্ঠিত হ’ব সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ উল্লেখ্য যে, মুঠ 8 টা পৰ্যায়ত 34 টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে পশ্চিমবংগৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 34 টা সমষ্টিৰ ভিতৰত 9 টা বিধানসভা সমষ্টি মুৰ্চিদাবাদ আৰু পশ্চিম বৰ্ধৱানত, 6 টা দক্ষিণ দিনাজপুৰ আৰু মালদাত আৰু 4 টা কলকাতাত অন্তৰ্ভূক্ত ।

ডিব্ৰুগড়ত আৰক্ষীৰ জালত হেৰ'ইনসহ এজন সৰবৰাহকাৰী

ডিব্ৰুগড় জিলাৰ ডিব্ৰুজানৰ পৰা হেৰ'ইনসহ চেলিম হুছেইন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা 47.3 গ্ৰাম হেৰ'ইন জব্দ ৷

কৰ’ণাৰ লগতে সামগ্ৰীৰ চৰা দামে জলা-কলা খুৱাইছে ৰাইজক

কৰ’ণাৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশৰ লগতে অসমতো ইতিমধ্যে বিভীষিকাৰ সৃষ্টি কৰিছে ৷ এই সময়তে প্ৰশাসনৰ কৰ’ণা কেন্দ্ৰিক তৎপৰতাৰ সুযোগ লৈ এচাম ব্য়ৱসায়ীয়ে বজাৰত অহেতুক মূল্যবৃদ্ধিৰ সৃষ্টি কৰি জুৰুলা কৰিছে ৰাইজক ৷

লজ এঞ্জেলছত সাজু অস্কাৰৰ ৰেড কাৰ্পেট

দেওবাৰে সন্ধিয়া অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠান । ইয়াৰ বাবে ইতিমধ্যে তীব্ৰ প্ৰস্তুতি চলিছে লজ এঞ্জেলছত । সাজু কৰি তোলা হৈছে অস্কাৰৰ ৰেড কাৰ্পেট । লগে লগে লজ এঞ্জেলছৰ ডাউনটাউন ইউনিয়ন ষ্টেচনত একত্ৰিত হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ টিভি ক্ৰু তথা সংবাদকৰ্মীসকল । প্ৰযোজকসকলৰ মাজত চলচ্চিত্ৰৰ এক "অন্তৰংগ" অনুষ্ঠানৰ বাবে সম্পূৰ্ণ সাজু । দেওবাৰে সন্ধিয়া অনুষ্ঠানটোত কোনো হোষ্ট নাথাকিব বুলি আশা কৰা হৈছে আৰু পৰিচালক ষ্টিভেন চডাৰবাৰ্গকে ধৰি তিনিজন প্ৰযোজকৰ দ্বাৰা টিভি অনুষ্ঠানৰ পৰিৱৰ্তে বোলছবিৰ দৰে ডিজাইন কৰা হৈছে । ইফালে অহা ২৬ এপ্ৰিলত ভাৰতীয় সময় অনুসৰি পুৱা ৫:৩০ বজাৰ পৰা অস্কাৰ ২০২১ৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব ।

ABOUT THE AUTHOR

...view details