অসম

assam

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Apr 23, 2021, 11:00 AM IST

1.কাল ক'ৰণাই প্ৰাণ ল'লে যোৰহাটৰ ক্ৰীড়া সংগঠকৰ

কন্ঠশিল্পী ভিটালী দাসৰ মৃত্যুৰ পাচতে কাল ক'ৰণাই ডিব্ৰুগড়ত প্ৰাণ ল'লে এজন ক্ৰীড়া সংগঠকৰ ৷ যোৰহাটৰ নিৱাসী তথা এগৰাকী বেডমিণ্টন খেলুৱৈ সীমান্ত বুঢ়াগোহাঁইৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ ৷

2.ধোৱাচাঙত পাথাৰকান্দি চিকিৎসালয়ত সামাজিক দূৰত্ব

কৰ’ণাৰ সংক্ৰমণৰ মাজতে ভয়ংকৰ দৃশ্য কৰিমগঞ্জত ৷ চিকিৎসালয়ত কৰ’ণাৰ টিকাকৰণ কৰিবলৈ আহি ৰাইজে ভংগ কৰিছে সামাজিক দূৰত্ব ৷

3.ডিব্ৰুগড়ত বহিঃৰাজ্যৰ পৰা অহা সকলো লোকৰ বাবে বাধ্যতামূলক কোৱাৰেণ্টাইন

শেহতীয়াভাৱে ডিব্ৰুগড়ত চাৰিগৰাকী লোকৰ দেহত মাৰাত্মক মিউটেন্ট ভাইৰাচ ধৰা পৰাৰ পাচতে সষ্টম হৈছে জিলা স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসন ৷ সেয়েহে শুকুৰবাৰৰ পৰা বহিঃৰাজ্যৰ পৰা প্ৰৱেশ কৰা সকলো লোকৰ বাবে বাধ্যতামূলক কৰা হৈছে কোৱাৰেণ্টাইন। অতি সংবেদনশীল আৰু মাৰাত্মক এই ভাইৰাচবিধ প্ৰতিৰোধৰ বাবে ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ নডেল চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে ৷

4.বাক্সাত বৰ্তমানলৈ প্ৰায় ৩৩ হাজাৰ লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান

ক'ভিড-19 পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু বাক্সা জিলাৰ স্বাস্থ্য বিভাগ ৷ বৰ্তমানলৈ জিলাখনত ৩৩ হাজাৰ ব্যক্তিক ক‘ভিডৰ টিকাকৰণ প্ৰদান ৷ সাজু ১৮২ খন বিছনা ক'ভিড ৰোগীৰ বাবে সাজু কৰা হৈছে চিকিৎসালয়ত ৷ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪৭ গৰাকী ৷

5.অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু মৰিগাঁও প্ৰসাশন

বৃহস্পতিবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত সীমা ৰেখা ভূঞাৰ সভাপতিত্বত ২ মে’ত অনুষ্ঠিত হ’ব লগীয়া ভোট গণনাৰ সন্দৰ্ভত অনুষ্ঠিত হয় এক বিশেষ সভা ৷

6.হৰ্চ ট্ৰেডিঙৰ ভূতে খেদিছে কংগ্ৰেছ মহাজোঁটক

অসমৰ ৰাজনৈতিক ইতিহাসৰ এক নজিৰ বিহীন অধ্যায় ৷ বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত আৰু 10 টা‌ দিন ৷ কংগ্ৰেছৰ নেতৃত্বত সোনাপুৰৰ দিচাং ৰিজৰ্টত আৰম্ভ হল 'আস্তাবল' ৷ আস্তাবলৰ ঘোঁৰা হ’লগৈ ৰমেন বৰঠাকুৰৰ দৰে প্ৰাৰ্থীও ৷

7.কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই

কোকৰাঝাৰ জিলাতো ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ৰণাক্ৰান্ত লোকৰ সংখ্যা । জিলাখনত পুনৰ 21 জন লোকৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 124 জনলৈকে ৷ ইয়াৰ লগে লগে কঠোৰ হৈছে জিলা প্ৰশাসন ৷

8.কলগাছিয়াত পৰীক্ষা বাতিলৰ দাবীত আন্দোলন

কলগাছিয়াৰ একাংশ পৰীক্ষাৰ্থীৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বাতিলৰ দাবীত আন্দোলন ৷ ক’ভিডৰ অজুহাতত পৰীক্ষা বাতিলৰ দাবী কৰা একাংশ আন্দোলনকাৰীয়ে অৱমাননা কৰিলে ক’ভিডৰ বিধি ৷

9.ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল

মাজুলীত জিলা উপায়ুক্তৰ সংবাদমেল । পৰ্যটক সকলৰ বাবে ফেৰী ঘাট সমূহত ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত বিশেষ নিয়ম বান্ধি দিছে মাজুলী প্ৰশাসনে ।

10.ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন

ত্ৰিপুৰাত চৰকাৰী ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন ৷ পলাতক সকল আছিল মধ্য প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিৰ পৰা ৰাজ্য়খনলৈ অহা লোক ৷

ABOUT THE AUTHOR

...view details