অসম

assam

ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি... - বি পি এফৰ তিনি মন্ত্ৰী

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

top 10 at 11 am
11 বজাৰ দহটা শীৰ্ষ বাতৰি...

By

Published : Apr 17, 2021, 11:16 AM IST

ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকল গছ

ৰঙিয়াৰ মধুকুছিত বজ্ৰ পৰি দপ দপকৈ জ্বলি উঠিল নাৰিকলৰ গছ । শুকুৰবাৰে বিয়লি ধুমুহা বৰষুণৰ এক আতংকময় পৰিবেশৰ মাজতেই মধুকুছি অঞ্চলত ঘটে এই অঘটন ।

বি পি এফৰ তিনি মন্ত্ৰীক লৈ ব্যাপক চৰ্চা

যি সময়ত হ'ৰ্চ ট্ৰেডিঙৰ আশংকাত ৰাজস্থানৰ জয়পুৰৰ তাৰকাযুক্ত হোটেলত নি কংগ্ৰেছে লুকুৱাই ৰখা এ আই ইউ ডি এফৰ প্ৰাৰ্থীসকল বৃহস্পতিবাৰে গুৱাহাটীত আহি উপস্থিত হৈছে ৷ সেই সময়তে কিন্তু ৰাজ্যৰ ৰাজনীতিত এতিয়া চৰ্চা চলিছে বিদায় ল’বলৈ ওলোৱা চৰকাৰখনৰ তিনি বি পি এফ মন্ত্ৰীৰ মাজৰ পৰা কোন যাব বিজেপিলৈ ?

পশ্চিম বংগৰ 45 টা সমষ্টিত আজি পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় ভোটগ্ৰহণ ৷ ৪৫ টা বিধানসভা সমষ্টিৰ 342 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব কোটিত কৈ অধিক ভোটাৰে ৷

মহাৰাষ্ট্ৰত হঠাৎ অক্সিজেনৰ মূল্যবৃদ্ধি

মহাৰাষ্ট্ৰত পূৰ্বে এটা অক্সিজেন চিলিণ্ডাৰৰ মূল্য ১১৯ টকা আছিল । বৰ্তমান সেই চিলিণ্ডাৰৰ মূল্য ৩৫০-৪০০ টকালৈ বৃদ্ধি কৰা হৈছে । ক'ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ ফলত প্ৰতিদিনে চোলাপুৰত ৪০০০০-৫০০০০ টা চিলিণ্ডাৰৰ প্ৰয়োজন হৈছে ।

কৰ’ণাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ

কৰ’ণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ ৷ শুকুৰবাৰে টুইট যোগে এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ফেছবুক পোষ্টৰ পাছতেই ন্যায়ালয়ত আত্মসমৰ্পন ডি ৱাই এফ আই নেতাৰ

কেৰালাত নিৰ্বাচনৰ দিনা মুকলি ভোট সম্পৰ্কীয় এটা বিবাদত মনচুৰ নামৰ এজন মুছলিম লীগৰ কৰ্মীক আক্ৰমণ কৰা হৈছিল । আক্ৰমণকাৰীসকলে মনচুৰৰ ঘৰৰ সন্মুখত এটা বোমা নিক্ষেপ কৰিছিল ।

বিশ্বজুৰি ক’ভিড ৰোগীৰ সংখ্যা দুগুণ বৃদ্ধি : বিশ্ব স্বাস্থ্য সংস্থা

বিগত দুমাহত বিশ্বজুৰি প্ৰতি সপ্তাহত নতুন ক’ভিড ৰোগীৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাইছে, যি কৰ‘ণা মহামাৰীৰ সময়ত এতিয়ালৈকে দেখা পোৱা সৰ্বাধিক সংক্ৰমণৰ হাৰ ৷

এগৰাকীয় কৰ্মচাৰীয়ে কিয় ক’ভিড ৰোগীক মৰিবলৈ পৰামৰ্শ দিলে ?

ক’ভিড কামাণ্ড চেণ্টাৰত কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ ভাইৰেল হোৱা এটা অডিঅ' ক্লিপে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অডিঅ'টোত এগৰাকী কৰ্মীচাৰীয়ে এগৰাকী ক’ভিড ৰোগীক মৰিবলৈ কোৱা শুনা গৈছে ৷

মিজোৰামত চাৰ্ছিপ বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

17 এপ্ৰিল অৰ্থাৎ শনিবাৰে মিজোৰামত অনুষ্ঠিত হৈছে চাৰ্ছিপ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ চাৰ্ছিপ বিধান সভাৰ নিৰ্বাচনত পাঁচটা ৰাজনৈতিক দলৰ পাঁচজন প্ৰাৰ্থী আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

ফুটবল অলিম্পিয়ান আহমেদ হুছেইনৰ ৮৯ বছৰ বয়সত মৃত্যু

আহমেদ হুছেইনে ১৯৫৬ চনৰ ৭ ডিচেম্বৰত বুলগেৰিয়াৰ বিৰুদ্ধে প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত আত্মপ্ৰকাশ কৰে ৷ তেওঁ ১৯৬০ চনত ঢাকাত আগা খান গ’ল্ড কাপ জয় কৰা প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰা দলৰ সদস্য আছিল ।

ABOUT THE AUTHOR

...view details