অসম

assam

ETV Bharat / state

পুৱা 11 বজাৰ 10 টা শীৰ্ষ বাতৰি...

পুৱা 11 বজাৰ 10 টা শীৰ্ষ বাতৰি...

TOP 10 @ 11 AM
পুৱা 11 বজাৰ 10 টা শীৰ্ষ বাতৰি...

By

Published : Apr 10, 2021, 11:01 AM IST

চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

চতুৰ্দশ বিত্তীয় আয়োগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । এজাক বৰষুণতে ভাঙি পৰিল নিৰ্মীয়মান নলা । ব্যাপক দুৰ্নীতিৰে নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ ।

আদিবাসী সমাজৰ ৰোষত ইউ টিউবাৰ মেৰী হাছদা

চাওতাল জনগোষ্ঠীৰ প্ৰকৃতিৰ পূজ্য ধৰ্মীয় দেৱতা মাৰং বুৰুকক লৈ বাক্সাৰ মেৰী হাছদা নামৰ যুৱতী গৰাকীয়ে ইউ টিউব চেনেলত এটা ভিডিঅ’ গীত আপলোড কৰিছিল ৷ ইয়াৰ পিছতে দেশজুৰি সৃষ্টি হৈছে বিতৰ্কৰ ৷

প্ৰযুক্তিৰ ব্যৱহাৰ: তিনি ফুট উচ্চতালৈ উঠিল বাংলো

ডিব্ৰুগড়স্থিত ব্ৰিটিছ যুগৰ এটা বাসগৃহ উন্নত প্ৰযুক্তিৰ সহায়ত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ ডিব্ৰুগড়ৰ পল্টন বজাৰত থকা গৃহটো হৈছে ব্ৰিটিছ যুগৰে জলসম্পদ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তাৰ ভৱন ৷

খোৱাপানী বিচাৰি পানী যোগান প্ৰকল্প ঘেৰাও

খোৱাপানী বিচাৰি হাহাকাৰ কামৰূপ (গ্ৰাম্য) ৰ ডোৰাকঁহৰা, পাইকানা গাঁৱৰ ৰাইজৰ ৷ পানী যোগান প্ৰকল্প ঘেৰাও স্থানীয় ৰাইজৰ ৷

পাঠশালা কোষাগাৰৰ বিৰুদ্ধে শিক্ষকৰ গুৰুতৰ অভিযোগ

প্ৰতিবাৰে বিলৰ ক্ষেত্ৰত বৈষম্যৰ বলি হয় একাংশ শিক্ষক ৷ কোষাগাৰ বিষয়া সুনীল কুমাৰ দাসক ধন দিব নোৱাৰিলে বিল পাছ নোহোৱাৰ অভিযোগ ৷

নলবাৰীতো ৰঙালীক আদৰাৰ বিশেষ প্ৰস্তুতি

নলবাৰীৰ বালিতাৰা হাইস্কুলৰ খেলপথাৰত স্বেচ্ছাসেৱী সংগঠন নতুন প্ৰহৰে ৬ এপ্ৰিলৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে বিহুৰ কৰ্মশালা ।

মৰিধল কঠালগুৰি তিৱা গাঁৱত বিহুৰ ব্যাপক প্ৰস্তুতি

জাকৈ, পলহ আদি লৈ বিহু অনুশীলনত ব্যস্ত হৈ পৰিছে এজাক যুৱক-যুৱতী ৷ বহাগক লৈ ৰাজ্যৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে ৷ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰঙালী বিহুটিলৈ ৷

শংখধ্বনি মহিলা সমাজে সামৰিলে বিহুৰ আখৰা

"চ'তে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলীলতা ৷ কৈ নো কৈ থাঁকোতে ওৰকে নপৰে, আমাৰে বিহুতিৰ কথা" ৷ ৰাজ্যৰ সকলো প্ৰান্তৰ দৰে আমগুৰিতো দেখা গ'ল ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷

গোলাঘাটত বিদ্যুত বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ গ্ৰাহক

গোলাঘাট বিদ্যুত উপ সংমণ্ডল কাৰ্যালয়ে গ্ৰাহকলৈ প্ৰেৰণ কৰিছে হাজাৰ টকীয়া বিল ৷ মাথো এমাহতে এটা পৰিয়াললৈ 37,000 টকাৰ বিল প্ৰেৰণ কৰিছে বিভাগে । বিভাগৰ এনে কাণ্ডত ক্ষুব্ধ গ্ৰাহকসকল ৷

কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ সৈতে ছোনিয়া গান্ধীৰ বৈঠক

ক'ভিড-১৯ ৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি আৰু দেশত প্ৰতিষেধকৰ অভাৱৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰিব । দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীও উপস্থিত থাকিব এই বৈঠকত ।

ABOUT THE AUTHOR

...view details