এদিনীয়া ভ্ৰমণসূচীৰে অসমত বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা
আজি এদিনীয়া ভ্ৰমণসূচীৰে অসমত আহি উপস্থিত হ'ব বিজেপিৰ অধ্যক্ষ জে পি নাড্ডা ৷ ঢকুৱাখনা, জামগুৰিহাট,বৰচলা আৰু শোণিতপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব নাড্ডাই ৷
আজি ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব শিৱৰাজ সিং চৌহানে
নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ আহিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান ৷ আজি নাহৰকটীয়া, দুলিয়াজান আৰু ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব চৌহানে ৷
সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা খুজিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই
কটু মন্তব্য কৰি বিধায়ক সত্যব্ৰত কলিতাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিলে কমলপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত কলিতাই ৷ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত কমলপুৰ বিধান পৰিষদৰ ৷
বিজেপিৰ মিচন ১০০+ সফল হ'ব: প্ৰদীপ হাজৰিকা
এতিয়া ৰাজ্যৰ চৌদিশে চলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ ভাষণৰ ফুলজাৰিৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে প্ৰতিটো দলৰে প্ৰতিজন প্ৰাৰ্থীয়ে ৷ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে দিছপুৰ দখলৰ বাবে উঠি পৰি লাগিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ কোন দলে কিমান আসন লাভ কৰি দিছপুৰত গাদী দখল কৰিব তাক লৈ চৰ্চা চলাই থকাৰ সমান্তৰালভাৱে ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷
নিজে লিখা কবিতাৰে যোৰহাটত হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ
দেওবাৰে যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় 20 কি:মি: পথ পদযাত্ৰা কৰি প্ৰচাৰৰ অন্তত নগৰৰ মাজ মজিয়াৰ ট্ৰাক ষ্টেণ্ডত সন্ধিয়া এক জনসভাত অংশ গ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে নিজে লিখা কবিতা পাঠ কৰাৰ লগতে ২০২১ চনৰ এপ্ৰিল মাহৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে ছোৱালীক স্কুটি, ল'ৰাক বাইক দিয়া হ'ব বুলিও উল্লেখ কৰে ৷