কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ প্ৰাক মুহুৰ্তত হেজাৰ হেজাৰ বন্তিৰ পোহৰত উজ্জ্বলি উঠিল গুৰুজনাৰ পবিত্ৰ ভূমি বটদ্ৰৱা । বৃহস্পতিবাৰে বটদ্ৰৱাৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৷ অমিত শ্বাহৰ আগমনৰ প্ৰাক মুহুৰ্তত বুধবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱৰ লগতে সত্ৰবাসীয়ে মিলি হেজাৰ হেজাৰ মিঠা তেলৰ চাকি জ্বলাই আলোকময় কৰি তোলে সমগ্ৰ বটদ্ৰৱা থান ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে শেষ নিশা অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্বাহ ৷ যাৰ বাবে বৰ্তমান ব্যস্ততাৰ অন্ত নাই বটদ্ৰৱাবাসীৰ মাজত ৷
প্ৰসংগ বিজেপিৰ সভা: ৰহাৰ টোলগেটত তীব্ৰ বাক-বিতণ্ডা
বুধবাৰে অমিত শ্বাহৰ সভালৈ অধিগ্ৰহণ কৰা গাড়ীসমূহ নগাঁৱলৈ আহি থকাৰ সময়তে লাগে অথন্তৰ । অভিযোগ অনুসৰি, ৰহাৰ টোলগেট কৰ্তৃপক্ষই প্ৰতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে । কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয় বাহনসমূহৰ চালকসকলে ৷
বুধবাৰে তলাতল ঘৰত পালন কৰা হয় ক’লা দিৱস ৷ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত বৃটিচ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মানৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিত খিলঞ্জীয়াই স্বাধীনতা হেৰুওৱাৰ অভিযোগ উত্থাপন কৰিছে আহোম সেনাই ৷ খিলঞ্জীয়াক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ দাবীত ৰূপায়ণ কৰে এই কাৰ্যসূচী ৷
গ্ৰামীণ পথৰ ৰে’ল ক্ৰচিং পুনৰ আৰম্ভ কৰাৰ দাবীৰে হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ সংগঠনটোৰ কাৰ্যকৰ্তাৰ নেতৃত্বত ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ ৷ ৰে’ল বিভাগে ৰাজেশ্বৰপুৰ-চন্দ্ৰপুৰ সংযোগী পথচোৱা বন্ধ কৰি দিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷ শীঘ্ৰে ৰে’ল ক্ৰচিং আৰম্ভ কৰি পথটোৰে যাতায়াতৰ ব্যৱস্থা কৰি দিয়াৰ দাবী ৷
বুধবাৰে কোকৰাঝাৰ চহৰস্থিত পি ডব্লিউ ডি গেষ্ট হাউছত অনুষ্ঠিত এক সভাত ALL BTC NON SELECTED EMPLOYEES ASSOCIATION ৰ নতুন সমিতিখন গঠন কৰা হয় ৷ পুষ্প বৰগয়াৰীক সভাপতি আৰু মনোজ কুমাৰ ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ABNSEA ৰ নতুন সমিতিখন গঠন কৰা হয় ৷