অসম

assam

ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 18, 2021, 11:01 AM IST

মন্ত্ৰী হিমন্তৰ ফটো বিকৃত কৰি ৰঙাঘৰৰ আলহী যুৱতী

পিতৃ-কন্যাৰ ফটো বিকৃত ৰূপত পৰিৱেশন কৰি প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব প’ৰ্টেলৰ মুখ্য সম্পাদকসহ সংবাদ প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী সাংবাদিক গ্ৰেপ্তাৰ হোৱাৰ পাচতে বুধবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাং নয়নমণি গগৈ নামৰ যুৱতী গৰাকীক ৷

হিমন্তই চুগাৰ কমাবলৈ চাইকেল ৰেলী কৰি আছে: আব্দুল খালেক

নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁ‌হজানীত বুধবাৰে জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হয় বুথ সংকল্প শিবিৰ ৷ এই অনুষ্ঠানত ছত্তিশগড়ৰ কংগ্ৰেছ নেতা মহেশ চন্দ্ৰবংশীৰ লগতে সাংসদ আব্দুল খালেকসহ কেইবাজনো কংগ্ৰেছ কৰ্মী উপস্থিত থাকি শাসকীয় দল বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

আজি বিজুদাৰ ওপজা দিন..

বিজু ফুকনে ভবেন্দ্ৰনাথ শইকীয়া, জাহ্নু বৰুৱাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছিল । আৱাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰতো দুৰ্দান্ত অভিনয় কৰা বিজু ফুকনে বঙালী ভাষাৰ চলচ্চিত্ৰ হোটেল শ্বোফিক্স, গজমুক্তা আদিতো অভিনয় কৰিছিল ।

আলি-আয়ে-লৃগাং উদযাপনৰ পৰা বঞ্চিত লাইকা-দধিয়াবাসী

আলি-আয়ে-লৃগাং উদযাপনৰ বঞ্চিত লাইকা-দধিয়াবাসী ৷ পুনৰ সংস্থাপন দাবীত মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱৰ দিনাও প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে দধিয়াবাসী ৷

বৰমাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি বৰমাত অনুষ্ঠিত কৰা হৈছে বিনামূলীয়া চকু চিকিৎসা শিবিৰ ৷ 18 জানুৱাৰীৰ পৰা সমগ্ৰ দেশতেই আৰম্ভ হোৱা পথ সুৰক্ষা মাহ উপলক্ষে বুধবাৰে বাক্সাৰ পথ সুৰক্ষা সমিতিৰ দ্বাৰা আয়োজন কৰা এই বিনামূলীয়া চিকিৎসা শিবিৰত সেনাৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

এছ আই পৰীক্ষা: বৰপেটালৈ গৌৰৱ কঢ়িয়ালে দুই যুৱকে

ৰাজ্যত অনুষ্ঠিত হোৱা অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাত 99 আৰু 106 স্থান দখলেৰে বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই যুৱকে ৷ হুমায়ুন স্বাহানুৰ আৰু বাহাৰুল ইছলাম নামৰ যুৱক দুজনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৷

পুৰণি মুখ যদিও টি এনত ফ’ৰ্ট ছেইণ্ট জৰ্জৰ যুদ্ধত নতুন নেতৃত্ব

পুৰণি মুখ যদিও টি এনত ফ’ৰ্ট ছেইণ্ট জৰ্জৰ যুদ্ধত নেতৃত্ব লৈছে নতুন নেতাই ৷ দ্ৰাবিড়ীয় দল দুটাৰ বাবে এই যুঁজখন জীৱন-মৰণৰ যুঁজ যেন হৈ পৰিছে ৷ সেই একেদৰে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ পথ অনুসৰণ কৰাৰ বাবে খ্যাত ৰাজ্যখনৰ ভৱিষ্যতৰ ৰাজনৈতিক সমীকৰণৰ বাবেও ই অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

নগাঁৱত চোৰৰ লুটপাত

নগাঁৱত চোৰৰ চাফাই অভিযান । লুটি নিলে নগদ ধন, সোণৰ অলংকাৰ ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্য ৰোধৰ দাবীত শাসিত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সদস্যসকলে ৷

"ৰে’ল ৰোকো" কাৰ্যসূচীৰ বাবে অতিৰিক্ত 20 টা কোম্পানী মোতায়েন

কৃষকসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে আহ্বান কৰা "ৰে’ল ৰোকো" কাৰ্যসূচীৰ প্ৰতি দৃষ্টি ৰাখি বৃহস্পতিবাৰে ৰে'ল বিভাগে সমগ্ৰ দেশত ৰে'লৱে সুৰক্ষা বিশেষ বাহিনী (আৰপিএছএফ) ৰ 20 টা অতিৰিক্ত কোম্পানী মোতায়েন কৰিছে ৷

ABOUT THE AUTHOR

...view details