অসম

assam

ETV Bharat / state

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 17, 2021, 10:59 AM IST

যুদ্ধংদেহি গতিৰে আগবাঢ়িছে টীকাকৰণ

দেশত যুদ্ধং দেহি গতিৰে আগবাঢ়িছে ক’ভিড ১৯ ৰ টীকাকৰণ ৷ নিশ্চিতি প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে কয় যে, সমগ্ৰ দেশতে শীঘ্ৰে আন ১৮ বিধ প্ৰতিষেধক উপলব্ধ হ’ব ৷ প্ৰথম স্তৰত ৩ কোটি অগ্ৰণী ক’ভিড ১৯ যোদ্ধাক টীকাকৰণ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷

বিশ্বকৰ্মাৰ লগত কোনে তুলনা কৰিলে হিমন্ত বিশ্ব শৰ্মাক !

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অব্যাহত ৰখা "অসম বচাও আহক" শীৰ্ষক গণ সংযোগ অভিযানৰ বাছ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি, সাংবাদিকৰ আগত বিশ্বকৰ্মাৰূপী হিমন্তই মাথো শিক্ষানুষ্ঠান, চিকিৎসালয় বনাব জানে, কিন্তু নিযুক্তি দিব নাজানে বুলি কটাক্ষ কৰে কংগ্ৰেছী নেতা দেৱব্ৰত শইকীয়াই ৷

কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ বিধায়ক আমিনুলৰ

আগন্তুক বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে যেন ফাঁট মেলিব ধৰিছে কংগ্ৰেছ-এআইইউডিএফ-ৰ মিত্ৰতাত । ধিং সমষ্টিৰ এআইইউডিএফ-ৰ বিধায়ক আমিনুল ইছলামে কংগ্ৰেছ নেতৃত্বক প্ৰদান কৰিলে সকীয়নি ৷

ভূমি বিবাদ: বাসগৃহত অগ্নি সংযোগৰ অভিযোগ

সোমবাৰে নিশা মখলিছুৰ ৰহমানৰ ঘৰত দুৰ্বৃত্ত প্ৰৱেশ কৰি সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে অগ্নি সংযোগ কৰি পলায়ন কৰে ৷

অসম চিকিৎসা মহাবিদ্যালয়ত সৰস্বতী পূজা উদযাপন

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বহু বছৰৰ পাছত কেন্দ্ৰীয়ভাৱে সৰস্বতী পূজা উদযাপন কৰা হয় ৷

সমষ্টি উন্নয়নৰ খতিয়ান শীৰ্ষক আলোচনী প্রকাশ

জিলা বিজেপিৰ শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকীও নেতাৰ উপস্থিতিত মঙলবাৰে কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথে এখন আলোচনী প্রকাশ কৰে ৷ বিধায়কৰ বাসভৱনত অনুষ্ঠিত এক অনুষ্ঠানত যোৱা পাঁচ বছৰৰ সমষ্টিৰ উন্নয়ন সন্দৰ্ভত সাফল্যৰ খতিয়ান শীৰ্ষক আলোচনীখন প্ৰকাশ কৰা হয় ৷

কৃষি আইন আৰু কৃষকৰ প্ৰতিবাদ সন্দৰ্ভত জে পি নাড্ডাৰ বৈঠক

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে সন্ধিয়া দলটোৰ মুখ্য কাৰ্যালয়ত কৃষি আইন আৰু কৃষকসকলৰ প্ৰতিবাদ সন্দৰ্ভত বিজেপি নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ য’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ উপস্থিত থাকে ৷

ঋণৰ বোজা কঢ়িয়াব নোৱাৰি জীয়ৰীক বিক্ৰী

ঋণ পৰিশোধ কৰিব নোৱাৰি উত্তৰ প্ৰদেশৰ মিৰাটত কন্যা সন্তানক বিক্ৰী পিতৃৰ ৷

ঐতিহাসিক চম্পাৱতী মহা কুণ্ডমেলাৰ বাবে ব্যাপক প্ৰস্তুতি

চাপানালাৰ বনভোজস্থলীত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভব্য মেলাখনলৈ প্ৰায় লক্ষাধিক দৰ্শনাৰ্থী আগমন ঘটাৰ আশা ৰাখি পৰিচালনা কমিটিয়ে কৰিছে বিশেষ আয়োজন ।

অগ্নিকাণ্ডত সৰ্বস্বান্তৰ কাষত কৰিমগঞ্জৰ বিধায়ক

কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই চৰ বাজাৰত সংঘটিত অগ্নিকাণ্ডৰ ভুক্তভোগীৰ ওচৰত থিয় হৈ পৰিস্থিতিৰ বুজ লয় ৷ লগতে আৰ্থিক সাহায্য প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details