অসম

assam

ETV Bharat / state

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 14, 2021, 11:04 AM IST

চৰকাৰক মুকলি প্ৰত্যাহ্বান কৰ্মচাৰী সন্থাৰ

ৰাজ‍্য চৰকাৰক বান্ধি দিলে চৰম সীমা ৷ দাবী পূৰণ নকৰিলে সমাগত নিৰ্বাচন বৰ্জনৰ হুংকাৰ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ৷ ১৯-২০ ফেব্ৰুৱাৰীত কৰ্মবিৰতি পালনৰ সিদ্ধান্ত ৷ কলিয়াবৰত অনুষ্ঠিত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা (AADAEU)ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত এই কথা সদৰী কৰে সংগঠনটোৱে ৷

পদপথত উদ্ধাৰ মানসিক বিকাৰগ্রস্ত লোকৰ মৃতদেহ

নগাঁও চহৰৰ মাজমজিয়াত শনিবাৰে নিশা উদ্ধাৰ হয় এগৰাকী মানসিক বিকাৰগ্রস্ত লোকৰ মৃতদেহ ৷ পদপথত উদ্ধাৰ হোৱা মৃতদেহটো স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

বিপ্লৱী যুৱ সন্থা আৰু আইছাৰ উদ্যোগত ছাত্ৰ যুৱ সমাৰোহ

শনিবাৰে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাঙৰ এক ভৱনত বিপ্লৱী যুৱ সন্থা আৰু নিখিল ভাৰত ছাত্ৰ সন্থাৰ (আইছা) উদ্যোগত অনুষ্ঠিত হয় ছাত্ৰ যুৱ সমাৰোহ । এই সমাৰোহৰ লগত সংগতি ৰাখি বৰগাং চেণ্টাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিওৱা হয় ।

মাচুল দিব নোৱাৰাৰ বাবে শিক্ষাৰ্থীক বহিষ্কাৰৰ অভিযোগ

চতিয়া জ্ঞান ভাৰতী পাব্লিক স্কুলৰ আজৱ সিদ্ধান্ত । বৃহস্পতিবাৰে চতিয়াৰ জ্ঞান ভাৰতী পাব্লিক স্কুলে শিক্ষাৰ্থীক মানসিক নিৰ্যাতন চলোৱাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ৷ ৷ ছাত্ৰ-ছাত্রী, অভিভাৱকে সময়ত মাচুল দিব নোৱাৰাৰ বাবে পৰীক্ষাগৃহৰ পৰা খেদি পঠালে ছাত্ৰ-ছাত্রীক ।

ৰঙিয়াত মহকুমাধিপতিৰ সংবাদমেল

নিৰ্বাচনৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ ৰঙিয়া মহকুমাধিপতিয়ে এক সংবাদমেল সম্বোধন কৰে । নিৰ্বাচনী প্ৰচাৰ সভাত সকলোৱে ক'ভিড প্ৰটকল মানি চলিব লাগিব বুলি জনায় মহকুমাধিপতি গৰাকীয়ে ।

প্ৰাদেশীকৰণে ভাবুকি কঢ়িয়াইছে বহু বিদ্যালয়লৈ

শিক্ষক নিযুক্তিৰ পাচতে ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তই ৰাজ্যৰ শিক্ষাখণ্ডত একপ্ৰকাৰৰ জোকাৰণিৰ সৃষ্টি কৰিছে ৷ প্ৰাদেশীকৰণৰ নামত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিয়ে ভাবুকি কঢ়িয়াই আনিছে বহুতো অ-প্ৰাদেশীকৃত বিদ্যালয়লৈ ৷

তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা তেলেংগানাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । ফলত ১৩ জন লোক গুৰুত্বৰভাৱে আহত হয় । আহতসকলক ইতিমধ্যে স্থানীয় লোকৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । মহাৰাষ্ট্ৰৰ পৰা হায়দৰাবাদ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছ কামাৰেড্ডী পথত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনাতো সংঘটিত হয় ।

লক ডাউনত ৰুজু গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে ৰাজ্যখনৰ যি সকল লোকৰ বিৰুদ্ধে লক ডাউনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল, সেইসমূহ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰে একাংশই ভংগ কৰিছিল কোভিড প্ৰট’কল ৷

পিতৃ ভক্তিৰ নিদৰ্শন: সাজি উলিয়ালে প্ৰতিমূৰ্তি

যি সময়ত পুত্ৰ-বোৱাৰীৰ দ্বাৰা লাঞ্চিত-বঞ্চিত হৈ বহু বৃদ্ধ পিতৃ-মাতৃয়ে বৃদ্ধাশ্ৰমত থাকিবলগীয়া ঘটনা সংঘটিত হৈ আহিছে, সেই সময়তে পশ্চিম নলবাৰীৰ নদলাত এটি পৰিয়ালে দেখুৱালে পিতৃ ভক্তিৰ সুন্দৰ নিদৰ্শন ।

প্ৰতিবাদকাৰী কৃষকৰ বিৰুদ্ধে গাজিপুৰ সীমান্তবাসীৰ ধৰ্ণা

কৃষকসকলে ৰাজধানী দিল্লীৰ বিভিন্ন সীমান্তত বিগত বৰ্ষৰ 26 নৱেম্বৰৰ পৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ইপিনে কৃষকসকলে বিগত গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা গাজিপুৰ সীমান্তত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ পুনৰ যাতে কৃষকসকলে ৰাজধানীত প্ৰৱেশ কৰি হিংসাত্মক ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰবাবে স্থানীয় প্ৰশাসনে বেৰিকেড স্থাপন কৰাৰ লগতে অঞ্চলটোৰ সমগ্ৰ পথ বন্ধ কৰি ৰাখিছে ৷

ABOUT THE AUTHOR

...view details