CAA বলবৎ হ'লে পুনৰ প্ৰতিবাদত বহিব জুবিন গাৰ্গ
CAA ক লৈ পুনৰ সৰৱ জুবিন গাৰ্গ ৷ পুনৰ আন্দোলনৰ হুংকাৰ শিল্পী গৰাকীৰ ৷ অসমত অৰ্থনৈতিক বিপ্লৱ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে শিল্পী গৰাকীয়ে ৷ কা আৰু অসমত অৰ্থনৈতিক বিপ্লৱ অনাক লৈ শিল্পী গৰাকীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷
মহানগৰীত আষ্টিনৰ উন্নত মানৰ ব্লকছ মুকলি
গুৱাহাটী মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লুত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আষ্টিন নামৰ কোম্পানীটোৰ এএচি ব্লকছ ইটাৰ ৷ অনুষ্ঠানত উপস্থিত থাকে আষ্টিনৰ ব্ৰেণ্ড এম্বেছাদৰ তথা হাৰ্টথ্ৰৱ জুবিন গাৰ্গ ।
শুকুৰবাৰে চিকিৎসক সকলক কৰ্মবিৰতি পালনৰ আহ্বান ভাৰতীয় চিকিৎসা সন্থাৰ
আয়ুৰ্বেদ চিকিৎসাৰ সৈতে আধুনিক শল্য চিকিৎসাক একত্ৰীকৰণ ৷ একত্ৰীকৰণৰ প্ৰতিবাদত শুকুৰবাৰে চিকিৎসক সকলক কৰ্মবিৰতি পালনৰ আহ্বান ভাৰতীয় চিকিৎসা সন্থাৰ ৷ কেৱল ক'ভিড সংক্ৰান্তীয় আৰু জৰুৰীকালিন সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত চিকিৎসকৰ ৷
লাহৰীঘাটত বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
বৃহস্পতিবাৰে লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কুশতলিত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাৰ আয়োজন ৷ সভাত সমাগত বিধানসভা নিৰ্বাচনত সকলোৱে সৱল ভুমিকা পালন কৰি বিজেপিক জয়ী কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি টি ৰাজীৱ আহমেদৰ ৷
গোসাইগাঁৱত বেলট বাকচ কঢ়িওৱা বাঢ়নত আক্ৰমণ
বেলট বাকচক লৈ উত্তেজনাৰ সৃষ্টি সমগ্ৰ অঞ্চলটোত । বেলট বাকচ কঢ়িওৱা বাহন এখন মহকুমাধিপতিৰ কাৰ্যালয়লৈ লৈ যোৱাৰ পৰিবৰ্তে গোসাইগাঁও টাউনলৈ যোৱাৰ সময়ত ৰাইজে প্ৰত্যক্ষ কৰি আটক কৰি বাহন খনত আক্ৰমণ কৰে ।