অসম

assam

By

Published : Dec 8, 2020, 11:07 AM IST

ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

শিৱসাগৰত টায়াৰ জ্বলাই যাতায়ত ব্যাহতৰ চেষ্টা ভাৰত বন্ধ সমৰ্থকৰ

শিৱসাগৰত ভাৰত বন্ধৰ সমৰ্থনত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই যাতায়ত স্তব্ধ কৰে বন্ধ সমৰ্থকে ৷ ইতিমধ্যে দেশজুৰি কৃষকৰ বন্ধত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন ৷

আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনালে ঐক্য সেনা অসম

আমগুৰিত ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনাই ৰাজপথলৈ ওলাই আহিল ঐক্য সেনা অসমৰ একাংশ সদস্য ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ সদাব্যস্ত নামতি চাৰিআলিত টায়াৰ জ্বলাই কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে ৷

লেঙেৰীজান চাহ বাগানত নিৰ্মীয়মান আৱাসিক কলনী পৰিদৰ্শন জিলা উপায়ুক্তৰ

ডিব্ৰুগড় লেঙেৰীজান চাহ বাগানত নিৰ্মীয়মান অৱস্থাত থকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসিক কলনীৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'লে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

মৰিগাঁৱত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । ইতিমধ্যে জিলাখনত সকলো ব্যৱসায়ী প্ৰতিষ্ঠান, যানবাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ থকা দেখিবলৈ পোৱা গৈছে ।

নদীবান্ধৰ বিৰুদ্ধে মাজুলীত AJYCPৰ তীব্ৰ প্ৰতিবাদ

সোমবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাজুলী জিলা সমিতিয়ে কমলাবাৰী চাৰিআলিত শক্তি সচিৱ সঞ্জয় নন্দন সাহা আৰু এন এইছ পি চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অভয় কুমাৰ সিঙৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ পৰিষদৰ মাজুলী জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰন সম্পাদক পবিত্ৰ বৰাই এক প্ৰেছ বিজ্ঞপ্তিযোগে স্পষ্ট কৰি কয় যে, নদীবান্ধৰ পৰা হ'ব পৰা বিস্তৰ ক্ষয়-ক্ষতি তথা ভয়াৱহতাৰ ওপৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰি ইয়াৰ স্থায়ী সমাধান আৰু সংৰক্ষণৰ ব্যৱস্থা নকৰালৈকে কোনো কাৰণতে বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ দিয়া নহ'ব ৷

দৰিদ্ৰতাৰ বাবে 9 বছৰে বিচনাই একমাত্ৰ সংগী এটি কণমানিৰ

চিকিৎসাৰ অভাৱত অনিশ্চয়তাৰ দিশে এটি শিশুৰ ভৱিষ্যত ৷ আৰ্থিক সংকটৰ বাবে 9 টা বছৰে বিচনাই একমাত্ৰ সংগী হৈ ৰৈছে কণমানিটোৰ ৷ ৰাইজক সহায়ৰ বাবে আহ্বান পৰিয়ালৰ লোকৰ ৷

কলগাছিয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । কলগাছিয়াতো চিপিআইএম, কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন শ্ৰমিক-কৃষক সংগঠনে ৰাজপথত টায়াৰ জ্বলাই ভাৰত বন্ধ পালন কৰে ।

জৰাজীৰ্ণ বিদ্যালয়গৃহত কেনেদৰে হ'ব পাঠদান...

পুঠিমাৰী নৈৰ বানত প্ৰায় ছমাহৰ পৰাই বিধ্বস্ত হৈ পৰি ৰৈছে ৰঙিয়াৰ খন্দিকৰ উলুবাৰী প্ৰাথমিক বিদ্যালয় ৷ যাৰ বাবে জানুৱাৰী মাহৰ পৰা চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহত পাঠাদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ নিৰ্দেশনাক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে শিক্ষকৰ লগতে অভিভাৱকসকল ৷

WHO ফাউণ্ডেছনৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী বিষয়াৰ পদত ভাৰতীয় মূলৰ স্বাস্থ্য বিশেষজ্ঞ

WHO ফাউণ্ডেছন হ’ল এটা স্বাধীন অনুদান প্ৰদানকাৰী সংস্থা ৷ ইয়াৰ মুখ্য কাৰ্যালয় জেনেভাত ৷ এই প্ৰতিষ্ঠানটোক বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য সম্প্ৰদায়ৰ সৈতে বিশ্বৰ স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰ মুখামুখী হোৱাৰ বাবে 2020 চনত মুকলি কৰা হয় ৷

কৃষক বিদ্ৰোহ, কৰ'ণা মহামাৰীৰ বাবে জন্মদিন পালন নকৰে ছোনিয়াই

কৃষি বিদ্ৰোহৰ সমৰ্থন আৰু কৰ'ণা মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জন্মদিন পালন নকৰে ছোনিয়া গান্ধীয়ে ৷ সকলো ৰাজ্যৰ কংগ্ৰেছৰ মুৰব্বীসকলক কেক কাটি জন্মদিন উদযাপন নকৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছে ৷

ABOUT THE AUTHOR

...view details