অসম

assam

By

Published : Dec 7, 2020, 11:03 AM IST

Updated : Dec 7, 2020, 11:49 AM IST

ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি...

top 10 at 11 am
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ ভাগ্য নিৰ্ণয় হ'ব 130 জন প্ৰাৰ্থীৰ ৷

বিটিচি নিৰ্বাচন : ওদালগুৰিৰ 10টা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

বিটিচি পৰিষদীয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা আৰু ওদালগুৰি মহকুমা (সদৰ)ত মুঠ 10টা পৰিষদীয় সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ভেৰগাঁও মহকুমাৰ 5 টা পৰিষদীয় সমষ্টিৰ মুঠ 2,98,705 গৰাকী ভোটাৰে সাব্যস্ত কৰিব তেওঁলোকৰ ভোট ৷

শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

পুৱা 7.30 বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ভোটদানত প্ৰত্যক্ষ কৰা হৈছে ৰাইজৰ উৎসাহ ৷

বিটিচি নিৰ্বাচনত ইউপিপিএলক ভোট দিয়াৰ বাবে আহ্বান উলামা কাউঞ্চিলৰ

ইউপিপিএললৈ উলামা কাউঞ্চিলৰ মুকলি সমৰ্থন ৷ বিপিএফে সংখ্যালঘু সকলক প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন উলামা কাউঞ্চিলৰ ৷ 15 বছৰে বিপিএফে সংখ্যালঘু লোকসকলক ঠগ-প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ ৷ বিটিচি নিৰ্বাচনত সংখ্যালঘু লোকসকলক ইউপিপিএলত ভোট দিয়াৰ বাবে আহ্বান কাউঞ্চিলৰ ৷

হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে : হাগ্ৰামা মহিলাৰী

হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ বাবে ষড়যন্ত্ৰত লিপ্ত লোৱাৰ অভিযোগ প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ চিৰাঙৰ বিজনীত বিপিএফৰ সভাত অংশ লৈ হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰে ৷ হিমন্ত বিশ্ব শৰ্মাক কেলেংকাৰীৰ মাষ্টৰ বুলি অভিযোগ কৰাৰ লগতে বহু কটু মন্তব্যৰে মন্ত্ৰী শৰ্মাক সমালোচনা প্ৰাক্তন বিটিচি প্ৰধান গৰাকীৰ ৷

জম্মু-কাশ্মীৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 249 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা

জম্মু-কাশ্মীৰৰ 34 টা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 17 টা জম্মু-কাশ্মীৰৰ ক্ষেত্ৰভূমিত অন্তৰ্ভুক্ত ৷ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মুঠ 280 টা জিলা উন্নয়ন পৰিষদীয় সমষ্টিৰ ভিতৰত 34 টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈ আছে ৷ মুঠ 249 গৰাকী প্ৰাৰ্থীৰ সমৰ্থনত ভোটদান কৰিব জম্মু-কাশ্মীৰবাসীয়ে ৷

বৰলাংফেৰত বিধৱা মহিলাক ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী এজন

ডিফুৰ বৰলাংফেৰত শনিবাৰে সন্ধিয়া সংঘটিত হোৱা ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ এগৰাকী বিধৱা মহিলাৰ ঘৰত অনাধিকাৰে প্ৰৱেশ কৰি তেওঁক বলপূৰ্বকভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধৱা মহিলাগৰাকীয়ে ৷

পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন

পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম অঞ্চলৰ তাৱাঙৰ বুম-লাৰ ওচৰত চীনৰ 3 খন নতুন গাঁও স্থাপন কৰা বুলি জানিব পৰা গৈছে ৷

বিপিএফ দললৈ মুকলি সমৰ্থন নাথ যোগী যুৱ ছাত্ৰ সন্মিলনীৰ

বিপিএফ দললৈ মুকলি সমৰ্থন আগবঢ়ালে সদৌ বিটিএডি নাথ যোগী যুৱ ছাত্ৰ সন্মিলনীয়ে ৷সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে অল্ড ইজ গল্ড বুলি উল্লেখ কৰি বিপিএফ দলে বিটিচি গঠন হোৱাৰে পৰা অতিকে পিচপৰা বিটিচিৰ দ্ৰুত উন্নয়ন কৰা বুলি মন্তব্য কৰে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিলৈ গমন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি যোগদান কৰা কলা-কুশলী সকলক দলৰ মজিয়ালৈ স্বাগতম জনায়। তেওঁ কয় যে, জন্মলগ্নৰে পৰা বিজেপিয়ে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো ভাষা-ভাষী লোকক একেলগে লৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে সেয়া দলৰ কৰ্মৰাজিত প্ৰতিফলিত হৈছে ।

Last Updated : Dec 7, 2020, 11:49 AM IST

ABOUT THE AUTHOR

...view details