আত্মৰক্ষাৰ প্ৰশিক্ষণৰ আহ্বান জনাই প্ৰধনমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কণমানি ছাত্ৰীৰ
নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকীয়ে এই পত্ৰযোগে প্ৰধানমন্ত্ৰীলৈ কেইটামান বিশেষ আহ্বান জনাইছে ৷ " বেটি বাছাও বেটি পঢ়াও" আঁচনিৰ লেখীয়াকৈ আত্মৰক্ষাৰ বাবেও চৰকাৰে এক ব্যৱস্থা কৰিব লাগে বুলি পত্ৰত উল্লেখ কৰিছে কণমানি মিনাক্ষী সিনহাই ৷
নগাঁও জিলাৰ আমনিত ভয়ংকৰ পথ দুৰ্ঘটনা
ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ গুৰুতৰ ভাবে আহত দুজন যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ বৰ্তমানলৈকে চিনাক্ত হোৱা নাই যুৱক দুজনৰ পৰিচয় ৷
লুৰিণজ্যোতি গগৈক ৰাজনৈতিক শিক্ষা হিমন্ত বিশ্ব শৰ্মাৰ
কংগ্ৰেছে অতীত পাহৰি বিচ্ছিন্নতাবাদীৰ চৰিত্ৰ লৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, অসমত গঠন হোৱা নৱ নিৰ্বাচিত আঞ্চলিক ৰাজনৈতিক দলসমূহকো তীৰ্যক মন্তব্যৰে উপলুঙা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে কয় যে, বিপিএফৰ লগত 5 বছৰৰ বাবে মিত্ৰতা আছিল, ইয়াৰ পিছত এয়া বৃদ্ধি নহয় ৷
খানাপাৰাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ
বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ফাৰ্ম গেটৰ সন্মুখত উদ্ধাৰ বৃহৎসংখ্যক নিচাযুক্ত WY টেবলেট। অপৰাধ অনুসন্ধান শাখা আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কৰা এই নিচাযুক্ত টেবলেটসমূহ।
পশ্চিম বংগৰ ৰাজনৈতিক পৰিস্থিতি মূল্যাংকন বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ
বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে পশ্চিম বংগৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত জিলা কাৰ্যনিৰ্বাহকৰ সৈতে আলোচনাত মিলিত হয় বিজেপিৰ বৰিষ্ঠ নেতৃবৃন্দ ৷ নেতাসকলে নিজ নিজ অঞ্চলত বহুকেইখন বৈঠকৰ আয়োজন কৰে ৷