অসম

assam

By

Published : Sep 27, 2020, 11:06 AM IST

ETV Bharat / state

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 11 am
11 বজাৰ শীৰ্ষ দহটা বাতৰি

দেশৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যশৱন্ত সিঙৰ দেহাৱসান

ভাৰতীয় ৰাজনীতিৰ এক বৰ্ণিল যুগৰ অৱসান ৷ দেশৰ প্ৰাক্তন কেন্দ্ৰীয় প্ৰতিৰক্ষা, বিত্ত তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী যশৱন্ত সিঙৰ দেওবাৰে দেহাৱসান ঘটে ৷

ড্ৰাগছ সেৱনত ব্যৱহাৰ হয় নেকি বিশেষ নোট!

গোলাগাটত দুই যুৱকৰ ৰহস্যজনক কাণ্ড ! ধন নিদিয়াকৈ কুৰিয়াৰত অহা বিশেষ নোট লৈ পলায়ন কৰিলে যুৱক দুজনে

ভাৰতীয় ফুটবল দলক প্ৰতিনিধিত্ব কৰা মৰিগাঁৱৰ বিষ্ণু বৰদলৈ

এজন প্ৰতিশ্ৰুতি সম্পন্ন ফুটবলাৰ । ভাৰতীয় ফুটবল প্ৰেমীৰ মাজত জনপ্ৰিয় তেওঁ । ভাৰতীয় ফুটবলক প্ৰতিনিধিত্ব কৰি বহিঃৰাষ্ট্ৰত দুভৰিৰ যাদু প্ৰদৰ্শনৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । 19 অনুৰ্দ্ধৰ এইজন ভাৰতীয় ফুটবলাৰক লৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

ভেল্লাত হস্তনিৰ্মিত পিষ্টলসহ তিনিটা ডকাইত গ্ৰেপ্তাৰ

ডকাইতি কৰিবলৈ আহি চোপ লৈ থকা অৱস্থাত বৰপেটা আৰক্ষীয়ে আটক কগৰে তিনিটা ডকাইত ৷ জব্দ সজীৱ গুলিসহ পিষ্টল

বিতৰ্কিত কৃষি বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত

সংসদৰ চলিত অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে সদনত উত্থাপন কৰে বিতৰ্কিত কৃষি বিধেয়ক 2020 ৷ এই বিধেয়কৰ বিৰুদ্ধে ইতিমধ্যেই সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ সমান্তৰালকৈ অসমতো বিভিন্ন দল সংগঠনৰ সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷

অৰুণাচলৰ ভাৰত-চীন সীমান্তত সেনা বাহিনীয়ে মজুদ কৰিছে ৰচদ-অস্ত্ৰ শস্ত্ৰ

সাম্প্ৰতিক সময়ত অসম অৰুণাচল প্ৰদেশৰ বিবাদিত অঞ্চল সমূহত চীনা সৈন্য বাহিনীৰ সমান্তৰালভাৱে ভাৰতীয় সেনাইও অৱলম্বন কৰিছে ব্যাপক তৎপৰতা ৷ সেনাই ইতিমধ্যে স্পৰ্শকাতৰ অঞ্চলসমূহত ব্যাপক মাত্ৰাত বায়ু সেনাৰ হেলিকপ্তাৰযোগে ৰছদ আৰু অস্ত্ৰ-শস্ত্ৰ মজুতকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ কিয়নো কিছুদিনৰ পিচতে অৰুণাচল প্ৰদেশত বৰফ পৰিব ৷ সেয়ে যিকোনো অনাহুত পৰিস্থিতিৰ বাবে সাজু আছে ভাৰতীয় সেনা বাহিনী ৷

এ টি এম ৰক্ষকৰ ভূমিকাত এটা বান্দৰ

এটা এ টি এমত সুৰক্ষাৰ বাবে কপিকুল । এটা বান্দৰে চিপ্চৰ পেকেট লৈ এ টি এমৰ ওপৰত বহি আনন্দ লৈছে ৷ তাৰ মাজতে গ্ৰাহকে টকা উলিয়াইছে এ টি এমটোৰ পৰা । এগৰাকী লোকে ম’বাইলত বন্দী কৰিলে এই দৃশ্য ।

পথৰ মাজত জাল পাতিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে

পথৰ মাজত জাল, লাঙিৰে মাছ মাৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ ৷ পথ মেৰামতিত গুৰুত্ব নিদিলে ২০২১ৰ নিৰ্বাচনত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক বৰ্জন কৰাৰো হুংকাৰ ।

পাণ্ডু-মালিগাঁৱত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা

শুকুৰবাৰে নিশাৰ ভাগত মালিগাঁৱৰ পাণ্ডুত সংঘটিত হয় এনে এক চুৰিকাণ্ডৰ ঘটনা ৷ দুটাকৈ চোৰে চুৰি কৰি লৈ যায় পিয়া লাল নামৰ লোকজনৰ এখন অটো ৰিক্সা ৷

কিহৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ দিলে আক্ৰাছুৱে ?

কোচৰাজবংশী সকলক নিঃশেষ কৰাৰ বাবে কৰা হৈছে BTR চুক্তি ৷ 2003 চনত সন্ত্ৰাসবাদীৰ কথা চিন্তা কৰি একপক্ষীয় ভাবে BTR চুক্তি কৰা হ’ল বুলিও অভিযোগ আক্ৰাছুৰ ৷

ABOUT THE AUTHOR

...view details