মণিপুৰৰ ৰাজনৈতিক অস্থিৰতা সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
এক ভিডিঅ' বাৰ্তাত শইকীয়াই কয় যে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ একাংশ শীৰ্ষ নেতাই কংগ্ৰেছ আৰু আন কেতবোৰ দলৰ বিধায়কক কিনা-বেচা কৰি মণিপুৰত চৰকাৰ গঠন কৰিছিল ৷
তিন মূৰ্তি চৌকৰ পৰা চীনা দূতাবাসলৈ চীন বিৰোধী প্ৰতিবাদ
আজি পুৱা 10:30 বজাত 'ভইছ অৱ নৰ্থ ইষ্ট'ৰ সহযোগত আয়োজন কৰা হ'ব এক চীন বিৰোধী ৰেলী ৷ তিন মূৰ্তি চৌকৰ পৰা ভাৰতস্থিত চীনা দূতাবাসলৈ এই ৰেলীৰ আয়োজন কৰা হ'ব ৷
আমি শান্তি বিচাৰো, যুদ্ধ নহয় : চীনা-ভাৰতীয় নাগৰিক
কলিকতাৰ চাইনা টাউনৰ চীনা-ভাৰতীয় নাগৰিক সকলে মন্তব্য কৰিছে যে, তেওঁলোকে শান্তি বিচাৰে, যুদ্ধ নহয় ৷ প্ৰায় 2 হাজাৰ চীনা-ভাৰতীয় নাগৰিক কলিকতাৰ চাইনা টাউনত বাস কৰে ৷
গৃহ ৰাজলৈ প্ৰেৰণ ভাৰত-চীনৰ সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ
ভাৰত-চীন সংঘৰ্ষত শ্বহীদ হোৱা দীপক সিঙৰ মৃতদেহ লৈ এটি সৈন্যৰ দল আগবাঢ়িছে মধ্য প্ৰদেশৰ ৰেৱা জিলালৈ । শুকুৰবাৰে অন্তিম সৎকাৰ কৰা হ'ব শ্বহীদ গৰাকীৰ ।
চীনা সামগ্ৰী- চীনা খাদ্য বৰ্জন কৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ
চীনা সীমান্তত ভাৰতৰ 20 গৰাকী ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পাচত চীনৰ বিৰুদ্ধে সৰ্বত্তে ধিক্কাৰ আৰু ক্ষোভৰ জোৱাৰ উঠিছে । সমগ্ৰ দেশতে বিভিন্ন লোক, দল সংগঠন আদিয়ে চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাইছে ।