বাঘজানৰ ঘটনা তদন্তৰ বাবে তিনিজনীয়া কমিটী গঠন
বাঘজান তৈলক্ষেত্ৰৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ ৩জনীয়া উচ্চস্তৰীয় কমিটী গঠন কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ৰ ৷ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ'কাৰ্বনৰ ডাইৰেক্টৰ জেনেৰেল এছ চি এল দাস , ONGC ৰ প্ৰাক্তন অধ্যক্ষ বি চি বৰা, ONGC ৰ প্ৰাক্তন সঞ্চালক টি কে সেনগুপ্তাক লৈ গঠন কৰিছে কমিটি খন ।
বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল দুটা ঘৰৰ দহ লক্ষাধিক টকাৰ সম্পত্তি
পাথাৰকান্দিৰ তিনোখাল'ত ভয়ংকৰ অগ্নিকাণ্ড । ভষ্মীভূত দুটাকৈ বাসগৃহৰ লগতে এখন দোকান ।
আমগুৰিত সাংসদ পুঁজিৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
আমগুৰিৰৰ মাউৎ গাঁও খেলপথাৰৰ খেলুৱৈৰ সাজ-সজ্জাৰ কোঠা নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
চতিয়াৰ কন্যকা পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ, সংবাদমেল সম্বোধন
চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ 'কন্যকা' বহুমুখী পাম পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ইয়াৰ পাচতে সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ ৷
হোজাইৰ পাচত লংকাত ৰেলৰ চেইন টানি পলাল যাত্ৰী
হোজাই ষ্টেচনৰ পাচত লংকাত পুনৰ ৰেলৰ চেইন টানি যাত্ৰীৰ পলায়ন। উজনিমুৱা শ্ৰমিক ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ। ঢলপুখুৰী ষ্টেচন পাৰ হৈ লংকা 2 নং গেটৰ ওচৰত চেইন টানিলে ৰেল যাত্ৰীয়ে।