অসম

assam

ETV Bharat / state

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11 AM

পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 11 AM
পুৱা 11 বজাৰ দহটা শীৰ্ষ বাতৰি

By

Published : Sep 21, 2020, 11:00 AM IST

অহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা

দেওবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান 36.8 ডিগ্ৰী চেলচিয়াছ হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড়ত 37.6, তেজপুৰত 37.3, শিলচৰত 36.8, ধুবুৰীত 32.9, যোৰহাটত 36.2 আৰু উত্তৰ লখিমপুৰত 37.6 ডিগ্ৰী চেলচিয়াছ ।

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই চৰকাৰৰ গৃহবিভাগৰ চৰম ব্যৰ্থতাৰ কথা উদঙাই দিয়া বুলি প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

পশ্চিম কাৰ্বি আংলঙত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

দেওবাৰে নিশা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জিৰিবাছা ইংহিবস্তিত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এগৰাকী লোক ৷ বৰ্তমানেও লোক গৰাকীৰ পৰিচয় সম্পৰ্কে অজ্ঞাত স্থানীয় লোক ৷

ক’ভিড অধিনিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত বিদ্যালয়ৰ পাঠদান আৰম্ভ

সম্পূৰ্ণ ছটা মাহৰ বিৰতিৰ পাছত ৰাজ্য়ত পুনৰ আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান ৷ ক’ভিড-19 ৰ সকলো নিয়ম মানি চলি 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্য়ৰ সকলো বিদ্যালয়তে নৱম, দশম, একাদশ আৰু দাদ্বশ শ্ৰেণীৰ পাঠদানৰ বাবে নিৰ্দেশ চৰকাৰৰ ৷

বিলাসীপাৰাত উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন

বিলাসীপাৰাত কেইবাটাও উন্নয়ন মূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ এই আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷ বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপন কৰি বিলাসীপাৰা মহকুমাক জিলালৈ উন্নীত কৰণৰ প্ৰচেষ্টা চলাই থকা বুলি প্ৰকাশ কৰে ৷

9 অক্টোবৰত নেটফ্লিক্সত আহি আছে ‘Ginny Weds Sunny’

অভিনেত্ৰী য়ামী গৌতম আৰু অভিনেতা বিক্ৰান্ত মেচীৰ ‘Ginny Weds Sunny’ ছবিখনে অহা 9 অক্টোবৰত অটিটি প্লেটফ’ৰ্মত মুক্তি লাভ কৰিব ৷ চ‘ছিয়েল মিডিয়াযোগে য়ামী আৰু নেটফ্লিক্স ইণ্ডিয়াই এই কথা উল্লেখ কৰে ৷

‘Shakti: The Power’ ছবিৰ বৰ্ষপূৰ্তিত শ্ৰীদেৱীক সুঁৱৰিলে কৰিশ্মা কাপুৰে

Shakti: The Power ছবিখনৰ বৰ্ষপূৰ্তি উপলক্ষে ছবিখনৰ সৈতে জড়িত স্মৃতিক সুঁৱৰিছে অভিনেত্ৰী কৰিশ্মা কাপুৰে ৷ বলিউডৰ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ সৈতে কাম কৰি নিজকে সৌভাগ্যৱতী আখ্যা দিয়ে অভিনেত্ৰী গৰাকীয়ে ৷

গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত বাঁহ শিল্পৰ কৰ্মশালা

বিশ্বনাথত গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ চ’চাইটিৰ উদ্যোগত এদিনীয়াকৈ বাঁহ শিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত অঞ্চলটোৰ বহু মহিলাক বাঁহ শিল্পৰ ওপৰত কৰ্মশালা প্ৰদান কৰা হয় ৷

ভাৰত আৰু চীনৰ মাজত আজি ক'ৰ কামাণ্ডাৰৰ ষষ্ঠ পৰ্যায়ৰ বৈঠক

আজি অনুষ্ঠিত হ'ব ভাৰত আৰু চীনৰ ক'ৰ কামাণ্ডাৰৰ ষষ্ঠ পৰ্যায়ৰ বৈঠক ৷ অঞ্চলটোত চলি থকা সৈন্য বাহিনীৰ গতিৰোধক লৈ এই বৈঠক অনুষ্ঠিত হ'ব ৷ বৈদেশিক মন্ত্ৰণালয়ৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া ভাৰতীয় প্ৰতিনিধি মণ্ডলৰ অংশ হিচাপে বৈঠকত ভাগ লোৱাৰ সম্ভাৱনা ৷ চীনৰ ম’ল্ড’ অঞ্চলত অনুষ্ঠিত হ'ব এই বৈঠক ৷

ৰামগড়ত ভাৰতীয় সেনাৰ লেন্স নায়কৰ আত্মহত্যা

ভাৰতীয় সেনাৰ লেন্স নায়কৰ মৃতদেহ উদ্ধাৰ ৷ শিখ ৰেজিমেন্টেল কেন্দ্ৰৰ ভিতৰত গছত ওলমি ৰোৱা অৱস্থাত উদ্ধাৰ লেন্স নায়ক যশৱন্ত সিঙৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ গুচৰ ৰুজু ৷ চেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহতো উদ্ধাৰ হৈছিল অন্য দুজন জোৱানৰ মৃতদেহ ৷

ABOUT THE AUTHOR

...view details