অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 AT 1

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 12, 2021, 1:07 PM IST

নিৰ্বাচনক আগত ৰাখি দাখিল হ’ল অন্তৱৰ্তীকালীন বাজেট

আজি বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট ৷ বাজেটত উত্থাপন হয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ৷ গীতাৰ শ্লোকেৰে মন্ত্ৰী হিমন্তই আৰম্ভ কৰে বাজেট ভাষণ ৷

অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস:বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

শুকুৰবাৰৰ মাজনিশাৰ পৰা অসমত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য পাঁচ টকাকৈ হ্ৰাস পাব । একেদৰে বিলাতী সুৰাৰ ওপৰতো আৰোপিত ২৫ শতাংশ উপ-কৰ আজি মাজনিশাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব । বিধানসভাত শুকুৰবাৰে আগন্তুক চাৰি মাহৰ বাবে অন্তৱৰ্তীকালীন বাজেট বা লেখানুদান দাখিল কৰি এই ঘোষণা কৰে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

কৰ্ণাটকত ভাতৃয়ে ভগ্নীক কৰিলে অন্ত:সত্তা

কৰ্ণাটকৰ চিক্কামাগালুৰু জিলাৰ মুডিগেৰে তালুকৰ এজন যুৱকে নিজ ভনীয়েককে কৰিলে অন্ত:সত্তা ৷ অভিযুক্ত যুৱকজনক আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰিছে ৷

অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই

জেএমচিএইচৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই ৷

গোলাঘাটত পিষ্টলসহ চাৰি যুৱকক আটক

গোলাঘাটৰ মহিমা চাহ বাগিচাত সেনা বাহিনী আৰু গোলাঘাট আৰক্ষীৰ অভিযান ৷ অভিযানত আৰক্ষীয়ে .22 পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলিসহ চাৰি যুৱকক আটক কৰে ৷

কৃষি কৰ্মৰে স্বাৱলম্বী ধুবুৰীৰ ১০৮ সেৱাৰ এম্বুলেন্স চালক

বাবৰ আলী পেছাত এজন ১০৮ এম্বুলেন্সৰ চালক । এজন এম্বুলেন্সৰ চালক হিচাপে নিজৰ দায়িত্ব পালনৰ উপৰিও নিজৰ মাটিত শাক পাচলিৰ খেতি কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বাবৰ আলীয়ে ।

টীয়কত চাহ শ্ৰমিকৰ প্ৰতিবাদ

যি সময়ত চাহ শ্ৰমিক সকলে মজুৰি বৃদ্ধি,জনজাতিকৰণৰ বাবে তথা বাগিচা অঞ্চলৰ চাহ শ্ৰমিকৰ মৌলিক সমস্যা সমূহ সমাধানৰ বাবে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছিল, সেই সময়তে চৰকাৰে কেৱল তিনি হাজাৰ টকা প্ৰদান কৰি চাহ শ্ৰমিক সকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

সোনাৰী মিচিং গাঁৱত ভয়াৱহ অগ্নিকাণ্ড

বৃহস্পতিবাৰে নিশা টীয়ক সোনাৰী মিচিং গাঁৱত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডত জাহ যায় বিষেশ্বৰ মিলি, মুখেশ্বৰ মিলি, তিলেশ্বৰ মিলি আৰু লি ৰাজবংশীৰ বাসগৃহ ।

হোজাই সমষ্টিত কোনে দিব প্ৰাৰ্থী!

কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা চূড়ান্ত হ’ল ৷ কিন্তু হোজাই সমষ্টিত কোনটো দলে দিব প্ৰাৰ্থী । বদৰুদ্দিন আজমলে গৃহ সমষ্টি এৰিবনে কংগ্ৰেছলৈ ।

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত পুনৰ জিলিকিল অসমীয়া যুৱতী

এটি সাধাৰণ 1 ইন্সি কেপচুলৰ ওপৰত মাত্ৰ 31 ছেকেণ্ডত এডাল এলুমিনিয়াম তাঁৰেৰে গণেশৰ ছবি অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম লিখিবলৈ সক্ষম হৈছে নাৰায়ণপুৰ ধলপুৰৰ জীয়ৰী প্ৰিয়ংকা শৰ্মাই ৷

ABOUT THE AUTHOR

...view details