Sheena Bora murder case : ছবছৰ পাঁচ মাহৰ পাচত জামিন পালে ইন্দ্ৰাণী মুখাৰ্জীয়ে
শ্বীনা বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীক জামিন প্ৰদান ৷ জামিন প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে ৷
Hardik Patel resigned from congress : কংগ্ৰেছ এৰিলে হাৰ্দিক পেটেলে
কংগ্ৰেছ দল ত্যাগ কৰিলে গুজৰাটৰ ৰাজ্যিক কমিটিৰ কাৰ্যকৰী সভাপতি হাৰ্দিক পেটেলে (Hardik Patel quits congress)। ৰাজ্যিক নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি এই সিদ্ধান্ত নেতাগৰাকীৰ । বিজেপি অথবা আম আদমী পাৰ্টিত যোগদানৰ সম্ভাৱনা ।
Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা
ৰাজ্যত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি(Assam floods 2022) । কপিলীৰ বাঢ়নী পানীয়ে মধ্য অসমৰ বহু অঞ্চলৰ ৰাইজৰ বিপদ বঢ়াইছে । ইফালে বিচ্ছিন্ন দ্বীপত পৰিণত হৈছে ডিমা হাছাও জিলা । ত্ৰিপুৰা, মিজোৰাম, মণিপুৰৰ সৈতে বিচ্ছিন্ন ৰেল যোগাযোগ(Landslides Disrupt Rail connectivity) ৷
বান পৰিস্থিতি ক্ৰমাৎ উন্নত হ’লেও শোণিতপুৰত এতিয়াও পানীৰ তলত বহু অঞ্চল
উন্নত হৈছে শোণিতপুৰৰ বান পৰিস্থিতি (Flood situation in Sonitpur gradually improves) ৷ জিলাখনৰ বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱা, মোৱামাৰীকে ধৰি বিস্তৃত অঞ্চল এতিয়াও আছে পানীৰ তলত ৷ বানৰ বাবে নাটনি হৈছে খাদ্য সামগ্ৰীৰ ৷ কেৱল সাধাৰণ লোকৰে নহয়, পশুধনসমূহৰো খাদ্য সংকটৰ সৃষ্টি হৈছে ৷
আজিৰে পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
দেওবাৰৰ পৰা বন্ধ হৈ আছিল মাজুলী-নিমাতীৰ মাজত ফেৰী সেৱা ৷ অফলামুখ ঘাটৰ লগতে মাজুলীৰ বিভিন্ন ঘাটলৈ ফেৰী সেৱা পুনৰ মুকলি কৰি দিয়াত কিছু সকাহ পাইছে মাজুলীবাসীয়ে ৷ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে বিগত 3 দিন ধৰি বন্ধ হৈ আছিল ফেৰী সেৱা ।