Drugs on Cruise : আৰিয়ান খানৰ ড্ৰাগছৰ গোচৰৰ সাক্ষী প্ৰভাকৰ চেইলৰ মৃত্যু
মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ জাহাজ পাৰ্টীৰ ড্ৰাগছৰ গোচৰ(Drugs party in Cordelia Cruise ship) ৰ প্ৰধান সাক্ষী প্ৰভাকৰ চেইলৰ শুকুৰবাৰে নিশা মৃত্যু ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে প্ৰভাকৰৰ(Prabhakar Sail dies of heart attack) ।
Fuel price hike : পুনৰ ৮০ পইচাকৈ বাঢ়িল ইন্ধনৰ মূল্য
যোৱা ২২ মাৰ্চৰ পৰা ১০ বাৰকৈ বৃদ্ধি পালে ইন্ধনৰ মূল্য । শনিবাৰে পুনৰ ৮০ পইচাকৈ বাঢ়িল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Petrol diesel prices hiked by 80 paise) ৷ জেট ইন্ধনৰ মূল্যও ২ শতাংশ বৃদ্ধি কৰা হৈছে । ৰাষ্ট্ৰীয় ৰাজধানীত এভিয়েচন টাৰ্বাইন ইন্ধনৰ মূল্য প্ৰতি কিল’লিটাৰত ২,২৫৮.৫৪ টকা বৃদ্ধি কৰা হৈছে ।
Eviction in Biswanath : বিশ্বনাথত প্ৰশাসনৰ উচ্ছেদ অভিযান
বিগত কেইবামাহ ধৰি উচ্ছেদ অভিযানৰ নামত প্ৰশাসন আৰু বেদখলকাৰীৰ মাজত বাক-বিতণ্ডা আৰু সংঘৰ্ষ সৃষ্টি হোৱাj বাতৰিয়ে শিৰোনামা দখল কৰি থকাৰ সময়তে বিশ্বনাথত দেখা গ’ল এক বিপৰীত দৃশ্য ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি SMSS আৰু KMSS ৰ গৰ্জন
অভাৱনীয় হাৰত বৃদ্ধি পোৱা নিত্য ব্যৱহাৰ্য সামগ্ৰী মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজ্য (KMSS and SMSS protest in Assam) ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰক শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷
Water ATM in Guwahati : 20 টাৰ ভিতৰত 13 টা বিকল মহানগৰীৰ ৱাটাৰ ATM
গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ ফোঁপোলা স্বৰূপ ৷ ৰাজ্য চৰকাৰ তথা গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড (Guwahati Smart City Limited) ৰ চৰম অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে মহানগৰীৰ বিভিন্ন ঠাইত স্থাপন কৰা ৱাটাৰ এটিএম (Water ATM in Guwahati) সম্প্ৰতি বগাহাতীত পৰিণত হৈছে ৷