আজি মাজুলীত উপ-নিৰ্বাচনৰ ভোটযুদ্ধ
আজি অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হৈছে মাজুলী উপ-নিৰ্বাচনৰ(Majuli By Election 2022) ভোটদান প্ৰক্ৰিয়া ৷ ভোটযুদ্ধৰ পুৱাই গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰ আৰু মাতৃৰ সমাধিস্থলীত সেৱা ল'লে বিজেপি সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে(Bjp Candidate Bhuban Gam) ৷
Majuli By-Poll: ভোটাধিকাৰ সাব্যস্ত কৰিলে ভুবন গামে
মাজুলীৰ উপ নিৰ্বাচনৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে ৷ পুৱাই পত্নীসহ আঠিয়াগুৰি মিচিং প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে মাজুলীৰ বিজেপি, অগপ, সন্মিলিত গণশক্তি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামে(Bjp Candidate Bhuban Gam) ।
ভোটদানৰ পূৰ্বে নীলকণ্ঠ শিৱ মন্দিৰত আৰ্শীষ ল’লে চিত্তৰঞ্জন বসুমতাৰীয়ে
সোমবাৰে পুৱা মাজুলীৰ গড়মূৰ আঞ্চলিক শ্ৰী শ্ৰী নীলকণ্ঠ শিৱ মন্দিৰত সেৱা ল’লে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে(Chittaranjan Basumatary casts his vote) ।
Majuli By election: পুৱা 9 বজালৈ মাজুলীত সম্পন্ন 11.42 শতাংশ ভোটদান
অৱশেষত আৰম্ভ হ’ল বহু প্ৰত্যাশিত মাজুলীৰ উপ নিৰ্বাচন ৷ সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াৰ পুৱা 9 বজালৈকে সম্পন্ন হৈছে 11.42 শতাংশ ভোটদান ৷ জিলাখনৰ ১,৩৩,২২৭ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব মাজুলীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ ভাগ্য ৷
Majuli by election: সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ আহ্বান জনাৰ্দ্দন দেৱ গোস্বামীৰ
মাজুলী উপ নিৰ্বাচন 2022(Majuli by Election 2022)ত জিলাখনৰ প্ৰতিজন লোককে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীয়ে(Xatradhikar Janardhan Dev Goswami ) ।