Covid 19 Update in Assam : ৰাজ্যত যোৱা 24 ঘন্টাত ক’ভিডত মৃত্যু 22 জনৰ
ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা আংশিক হ্ৰাস পাইছে যদিও বৰ্তমানেও আঁতৰা নাই ইয়াৰ ভয়াৱহতা ৷ শনিবাৰে 2,294 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড 19ৰ অৱস্থিতি ৷ পজিটিভিটি হাৰ হৈছে 6.41 ৷
এগৰাকী বড়ো ব্যক্তি ৰাজ্যসভালৈ যোৱাতো বিচাৰে প্ৰমোদ বড়োৱে
হাগ্ৰামা মহিলাৰী ৰাজ্যসভালৈ যোৱাৰ বাস্তৱ ভিত্তি নাই বুলি মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ (Pramod Boro on Rajya sabha election)৷ ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাটো সকলোৱে বিচাৰে বুলিও প্ৰমোদ বড়োৱে উল্লেখ কৰে ৷
বন বিভাগৰ তৎপৰতাত প্ৰাণ ৰক্ষা পৰিল ছটাকৈ বন্য হস্তীৰ
গোৱালপাৰা জিলাত বিগত বহু বছৰ ধৰি অব্যাহত আছে হস্তী-মানৱ সংঘাত (Man elephant conflict in Goalpara) ৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ আক্ৰমণত কেতিয়াবা যদি মানুহৰ মৃত্যু হৈছে, আন কেতিয়াবা আকৌ বিভিন্ন কাৰণত মৃত্যু মুখত পৰা দেখা গৈছে বন্যহস্তী ৷
অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত তৃতীয়বাৰলৈ চলিল উচ্ছেদ অভিযান
কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত দেওবাৰৰ পৰাই আৰম্ভ প্ৰশাসনৰ তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান(Eviction drive at Assam Nagaland border) ৷
Guwahati City Police: মহানগৰ আৰক্ষীৰ পোচাকত অসমীয়া নামফলক
এতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ নাম পঢ়িব পাৰিব অসমীয়া ভাষাত (Police name plate in Assamese)৷ পোচাকত অসমীয়া ভাষাত লিখা নাম ফলক লগাবলৈ দিয়া হৈছে নিৰ্দেশনা ৷