মৃত্যুৰ ওচৰত হাৰ মানিলে ৰাজকন্যাই খুন্দিয়াই ঘূণীয়া কৰা যোছেফ মাৰাকে
যোছেফ মাৰাক(Joseph Marak) আৰু নাই ৷ 1 অক্টোবৰৰ নিশা বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা(Rajkanya Baruah)ই সুৰাৰ নিচাত মাতাল হৈ নিজৰ বাহনেৰে মহতিয়াই নিছিল আঠজনকৈ শ্ৰমিকক । এই আঠজন শ্ৰমিকৰ ভিতৰত আছিল যোছেফ মাৰাক, যিয়ে দুৰ্ঘটনাটোত দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছিল ৷
দেৰগাঁৱত বিহ দি নিধন শতাধিক শৰালি হাঁহ
শীতকালত ৰাজ্যলৈ আগমন ঘটে ভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ ৷ কিন্তু একাংশ দুৰ্বৃত্তই বিভিন্ন উপায়েৰে হত্যা কৰি আহিছে পক্ষীসমূহক ৷ তেনে এক ঘটনা সংঘটিত হৈছে দেৰগাঁৱত ৷ শেহতীয়াকৈ দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া নপমুৱা-শলমাৰীৰ বিলত হাজাৰ হাজাৰ পৰিভ্ৰমী শৰালি হাঁহ নিধন কৰিছে দুৰ্বৃত্তই ৷ খাদ্যত বিষ দি নিধন কৰা হৈছে এই পক্ষীসমূহক ৷
হোজাইৰ বেদখলৰ আঁৰত জড়িত ছিণ্ডিকেট চক্ৰ : শিলাদিত্য দেৱ
কোনো বিক্ষিপ্ত ঘটনা অবিহনে সমাপ্ত হ’ল হোজাইৰ উচ্ছেদ অভিযান ৷ বিশ্বনাথ, গৰুখুঁটিৰ পিছতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি দুদিনীয়াকৈ হোজাইত চলিছিল এই উচ্ছেদ অভিযান ৷ উচ্ছেদকাৰ্যত প্ৰশাসনক সহায় আগবঢ়াইছিল বেদখলকাৰীসকলে ৷ তেওঁলোকে অস্থায়ী শিবিৰত বাহৰ পাতিছিল ৷ হোজাইৰ উচ্ছেদ সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ৷
ত্ৰিপুৰাত নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ২০ খনকৈ এজাহাৰ CPI(M)ৰ
বিজেপি আৰু চিপিআই(এম)ৰ মাজত অব্যাহত আছে সংঘাত । কৰ্মী আৰু প্ৰাৰ্থীক আক্ৰমণৰ অভিযোগত বিজেপিৰ বিৰুদ্ধে বিভিন্ন থানাত ২০ খনকৈ এজাহাৰ দাখিল কৰিছে চিপিআই(এম) দলে ।
তেজপুৰত উপস্থিত ‘বৰ্ডাৰ ৰোডছ’ৰ বাইক ৰেলী
দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিগত 14 অক্টোবৰত সীমান্ত পথ নিৰ্মাণ সংস্থা 'বি আৰ অ'ৰ বাইক ৰেলীৰ ফ্লেগ অফ কৰিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ মঙলবাৰে এই দলটো নতুন দিল্লীৰ পৰা তেজপুৰত আহি উপস্থিত হয় ৷