অসম

assam

ETV Bharat / state

1 বজাৰ শীৰ্ষ দহটা বাতৰি... - 1 বজাৰ শীৰ্ষ দহটা বাতৰি

1 বজাৰ শীৰ্ষ দহটা বাতৰি...

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Nov 9, 2021, 1:01 PM IST

দ্বিতীয় দিনাও লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান

সোমবাৰে শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছিল লামডিং বনাঞ্চলৰ উচ্ছেদ অভিযান । মঙলবাৰেও পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ ৷ উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা বেদখলমুক্ত কৰা হ'ব ২০০ হেক্টৰ ভূমি ।

লামডিং বনাঞ্চলত উচ্ছেদ অভিযান; কি হ’ব গৃহহাৰাৰ ?

দৰঙৰ ছিপাঝাৰৰ গৰুখুঁটিৰ উচ্ছেদ অভিযান, বিশ্বনাথৰ উচ্ছেদ অভিযানৰ দৃশ্যসমূহ এতিয়া নিশ্চয় সজীৱ হৈ আছে আপোনাৰ স্মৃতিত ৷ তেনে এক অভিযান এইবাৰ চলিল হোজাই জিলাত ৷

খাদ্যত বিষক্ৰিয়া ঘটি চিকিৎসাধীন একেটা পৰিয়ালৰ 5 গৰাকী

কলাগাছিয়াত খাদ্যত বিষক্ৰিয়া ৷ চিকিৎসাধীন একেটা পৰিয়ালৰ পাঁচজন লোক ৷ দুৰ্বৃত্তই খাদ্যত বিষ মিহলোৱাৰ সন্দেহ প্ৰকাশ পৰিয়ালটোৰ আন সদস্যসকলৰ ৷

নাগালেণ্ডত উদ্ধাৰ সন্দেহজনক নগা দুৰ্বৃত্তই লুটি নিয়া অসমৰ ম’হ

চৰাইদেউ আৰক্ষী(Charaideo Police)ৰ বৃহৎ সাফল্য ৷ অসমৰ পৰা সন্দেহজনক নগা দুৰ্বৃত্ত(Naga Miscreant)ই লুটি নিয়া ম’হ(Buffalo) উদ্ধাৰ হৈছে নাগালেণ্ডত ৷

ভিন্ন কাৰ্যসূচীৰে ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা

অসমৰ এখন প্ৰত্যাশাপূৰ্ণ জিলা হিচাপে ধুবুৰীত সম্প্ৰতি বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে ৷ ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই সোমবাৰে ধুবুৰীত উপস্থিত হৈ এই আঁচনিবোৰৰ খতিয়ান লয় ৷

অসমলৈ আহিবলগীয়া যাত্ৰীৰ বাবে ক'ভিড সম্পৰ্কীয় কেতবোৰ নতুন নিৰ্দেশনা জাৰি

ক'ভিড-১৯ৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও সাৱধনতামূলক ব্যৱস্থা হিচাপে অসমলৈ আহিবলগীয়া যাত্ৰীৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে । প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰা লোকৰ বাবে আৰ টি পি চি আৰ পৰীক্ষা বাধ্যতামূলক নহয় ।

ভূপালৰ চৰকাৰী শিশু চিকিৎসালয়ত অগ্নিকাণ্ড : ৪ নৱজাতকৰ মৃত্যু

মধ্য প্ৰদেশৰ ভূপালৰ চৰকাৰী কমলা নেহৰু শিশু চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড । কৰুণ মৃত্যুক সাৱটিলে ৪ টাকৈ দেৱশিশুৱে । সোমবাৰে নিশা চিকিৎসালয়খনৰ তৃতীয় মহলাত অগ্নিকাণ্ড সংঘটিত হয় ।

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন : বিজেপি-চিপিআই(এম)ৰ মাজত তীব্ৰ সংঘাত

পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে শাসকীয় বিজেপি আৰু চিপিআই(এম) দলৰ সংঘাত বৃদ্ধি পাইছে । বিজেপিৰ বিৰুদ্ধে হিংসাত্মক আক্ৰমণৰ অভিযোগ তুলিছে চিপিআই(এম) দলে । নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে বিজেপিৰ নেতাই চিপিআই(এম) প্ৰাৰ্থীক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উঠিছে ।

End of An Era : শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰে ভাৰতীয় ক্ৰিকেটৰ অন্যতম গুৰুত্বপূৰ্ণ অধ্যায়ৰ অন্ত

সোমবাৰে টী-20 বিশ্বকাপ(T20 Worldcup)ত নামিবিয়াৰ বিৰুদ্ধে খেলা খেলখন আছিল মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী(Ravi Shastri) আৰু বিৰাট কোহলী(Virat Kohli)ৰ অন্তিমখন অংশীদাৰিত্বৰ খেল ৷ নামিবিয়াৰ বিৰুদ্ধে কৰা জয় লাভেৰে সমাপ্তি ঘটে শাস্ত্ৰী-কোহলীৰ অংশীদাৰিত্বৰ ৷

টী20 বিশ্বকাপ : নামিবিয়াৰ বিৰুদ্ধে সহজ জয়ৰে বিদায় ল’লে ভাৰতে

টী 20 বিশ্বকাপৰ চুপাৰ ১২ পৰ্যায়ৰ অন্তিমখন মেচত নামিবিয়াই ভাৰতৰ সন্মুখত 133 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ ভাৰতে 15.2 অভাৰত এই লক্ষ্যত উপনীত হয় ৷ ক্ৰিজত অপৰিৱৰ্তিত হৈ ৰয় কে এল ৰাহুল(54) ৷

ABOUT THE AUTHOR

...view details