ক’ভিড 19 : ভাৰতত বাঢ়িয়েই আছে আক্ৰান্তৰ সংখ্যা
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত ১২,৫১৪ গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ তদুপৰি ২৫১ গৰাকী লোক মৃত্য়ুমুখত পৰিছে ৷
ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰিলে ভৰিব লাগিব অতিৰিক্ত ধন !
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি, বৰ্তমান দিল্লীত একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2000.50 টকা ৷ একেদৰে কলকাতাত 19.2 কিল’গ্ৰাম যুক্ত চিলিণ্ডাৰৰ বৰ্তমান মূল্য হৈছে 2073.5 টকা, মুম্বাইত 1950 টকা আৰু লক্ষ্ণৌত 2093 টকা ৷
সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বৈঠক
সশস্ত্ৰ সীমা বলৰ সৈতে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত সীমা সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷
ইন্ধনৰ মূল্য়বৃদ্ধি : ক্ৰমাগত ষষ্ঠ দিনৰ বাবে বাঢ়িল মূল্য
সোমবাৰে সমগ্ৰ দেশতে ক্ৰমাগতভাৱে ষষ্ঠ দিনৰ বাবে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত সোমবাৰৰ দিনটোত প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধিৰ সৈতে, পেট্ৰ'লৰ মূল্যই স্পৰ্শ কৰিছে ১০৯.৬৯ টকা ৷ সমহাৰত ডিজেলৰ মূল্য বৃদ্ধি হৈ হৈছেগৈ ৯৮.৪২ ৷
2022 বৰ্ষৰ পৰা আৰম্ভ হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰম
আগন্তুক বৰ্ষত আৰম্ভ হ’ব নির্মাণকাৰ্য চলি থকা ধুবুৰী চিকিৎসা মহাবিদ্যালয়(Dhubri Medical College)ৰ শৈক্ষিক পাঠ্যক্ৰম । দেওবাৰে চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজ আৰু সামগ্ৰিক দিশৰ বুজ লৈ এই কথা উল্লেখ কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক অনুপ বৰ্মনে ৷