অসম

assam

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি - TOP 10 AT 1 PM

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

top-10-at-1-pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jul 26, 2021, 1:10 PM IST

কৃষি আইনৰ বিৰোধিতাৰে ট্ৰেক্টৰ চলাই সদনত উপস্থিত ৰাহুল গান্ধী

সোমবাৰে ট্ৰেক্টৰ চলাই সংসদলৈ গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী(Rahul Gandhi) । তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে এইদৰে সংসদলৈ যাত্ৰা কৰিলে কংগ্ৰেছ নেতাগৰাকীয়ে । বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাই কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি অহা কৃষকৰ প্ৰতি সমৰ্থন জনাই আহিছে কংগ্ৰেছে । সোমবাৰেও কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই ট্ৰেক্টৰ চলাই সংসদলৈ ৰাওনা হয় ৰাহুল গান্ধী ।

দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি: আৰম্ভ হ'ল স্নাতকোত্তৰৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া

সোমবাৰৰ পৰা আৰম্ভ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া ৷ স্নাতক, স্নাতকোত্তৰ উপৰিও এম ফিল (M Phill) আৰু পি এইচ ডিৰ (P hD) বাবে আৰম্ভ হৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া ৷

Kargil Vijay Diwas ৰ 22 বছৰ: পাক সেনাৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়

1999 চনৰ মে'ৰ পৰা জুলাই পৰ্যন্ত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা(Line of Actual Control)ৰ সমীপত কাশ্মীৰৰ কাৰ্গিল অঞ্চলত কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল ৷ প্ৰায় 60 দিনযোৰা যুদ্ধৰ অন্তত পাকিস্তানী সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই কাৰ্গিলৰ উচ্চ শিখৰত বিজয়ধ্বজা উৰুৱাইছিল । সেই সময়ৰ পৰাই ভাৰতত ২৬ জুলাইৰ দিনটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয় ৷

বিলাসীপাৰাৰ গৌৰাং নৈত জব্দ 1000 লিটাৰ খাৰুৱা তেল

বিলাসীপাৰাৰ গৌৰাং নৈত (Gaurang River) জব্দ প্ৰায় 1000 লিটাৰ খাৰুৱা তেল ৷ দেওবাৰে নিশা আৰক্ষী আৰু দণ্ডাধীশৰ যৌথ অভিযানত জব্দ হয় তেলখিনি ।

আত্মগোপনৰ শেষত আৰক্ষীৰ জালত পৰিল বাবু

দেওবাৰে সোণাৰি আৰক্ষীৰ জালত পৰিল কুখ্যাৎ ড্ৰাগছ সৰবৰাহকাৰী(Drugs peddler) শুভ্ৰজিৎ দেৱ ওৰফে বাবু দেৱ ৷দীৰ্ঘ সময় আত্মগোপন কৰি থকা বাবুৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলাই বিশেষ অভিযান ৷

আজিৰ পৰা পুনৰ আৰম্ভ সদনৰ বৰ্ষাকালীন অধিৱেশন
দুদিনৰ বিৰতিৰ অন্তত সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব সদনৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহৰ কামকাজ ৷ বিগত সপ্তাহৰ দৰে এইবাৰো দুয়োখন সদন পেগাচাছক (Pegasus) লৈ উত্তপ্ত হৈ থাকিব বুলি আশংকা কৰা হৈছে ৷

ক’লা মানুহ প্ৰসংগ: বিশেষ সভা প্ৰশাসনৰ

ক'লা মানুহ সম্পৰ্কে বিয়পি পৰা উৰা বাতৰিত ভোল নাযাবলৈ ৰাইজক আহ্বান বঙাইগাঁও জিলা প্ৰশাসনৰ ৷ এই সন্দৰ্ভত অভয়াপুৰীৰ উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভা কক্ষত প্ৰশাসনে অনুষ্ঠিত কৰে এখন বিশেষ সজাগতা সভা ৷

হামাচৰ আগ্নেয় বেলুন আক্ৰমণৰ প্ৰত্যুত্তৰত গাজাত পুনৰ আক্ৰমণ ইজৰাইলৰ

সোমবাৰে গাজা ষ্ট্ৰীপত হামাচৰ মিলিটাৰীৰ ঘাটিত পুনৰ আক্ৰমণ চলায় ইজৰাইলী সেনাই ৷ হামাচৰ আগ্নেয় বেলুন আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে এই আক্ৰমণ চলায় ইজৰাইলে ৷

টকিঅ’ অলিম্পিকৰ চতুৰ্থ দিন: অভিষেক মেছত জয়লাভ ফেঞ্চাৰ ভাৱানী দেৱীৰ

সোমবাৰে টকিঅ’ অলিম্পিকত (Tokyo Olympics 2020) নিজৰ অভিষেক মেছত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ভাৰতীয় মহিলা ফেঞ্চাৰ ভাৱানী দেৱীৰ ৷

অস্তিত্বৰ সংকটত আহোম যুগৰ বৰ মেছলৌ-সৰু মেছলৌ

সংৰক্ষণৰ অভাৱত জহি-খহি গৈছে মৰাণৰ ঐতিহাসিক 'বৰ মেছলৌ' আৰু 'সৰু মেছলৌ' মৈদাম ৷ স্থানীয় বিধায়ক তথা পৰ্যটন মন্ত্ৰী বিমল বৰাক ঐতিহাসিক সমল সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে বিভিন্ন দল সংগঠনে ৷

ABOUT THE AUTHOR

...view details