অসম

assam

ETV Bharat / state

1 বজাৰ 10 টা শীৰ্ষ সংবাদ - দুপৰীয়া 1 বজাৰ 10 টা শীৰ্ষ সংবাদ

1 বজাৰ 10 টা শীৰ্ষ সংবাদ

top-10-at-1-pm
দুপৰীয়া 1 বজাৰ 10 টা শীৰ্ষ সংবাদ

By

Published : Jul 19, 2021, 1:11 PM IST

সোনাইত বিধায়কৰ সৈতে প্ৰাক্তন বিধায়কৰ সংঘাট তুংগত

সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন আৰু প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ মাজৰ সংঘাট তুংগত উঠিছে । সোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে বর্তমান বিধায়ক কৰিম উদ্দিনৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰক লৈ কৰা অভিযোগক খণ্ডন কৰিছে বিধায়কগৰাকীয়ে ।

আৰক্ষীৰ গুলীত লস্কৰ ই তৈবাৰ শীৰ্ষ কমাণ্ডাৰসহ দুই সন্ত্ৰাসবাদী নিহত

সোমবাৰে কাশ্মীৰৰ এজন শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা অনুসৰি জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ (Lashkar-e-Taiba) এজন শীৰ্ষ কমাণ্ডাৰসহ দুজন সন্ত্ৰাসবাদী নিহত হয় । নিহত সন্ত্ৰাসবাদী কেইজন ২০১৭ চনৰ পৰা কাশ্মীৰ উপত্যকাত সক্ৰিয় আছিল ।

বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত গাইড বান্ধ

বৰপেটাৰ বেঁকী নৈৰ ওপৰত থকা কৰাৰকুৰ বেঁকী দলঙৰ গাইড বান্ধ সম্প্ৰতি গৰাখহনীয়াৰ কৱলত পৰিছে । বান্ধটো ইতিমধ্যে বেঁকী নৈৰ (Beki River) বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে যদিও বান্ধটো প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

নৱোদয় বিদ্যালয়ৰ অধ্যক্ষক গছত বান্ধি প্ৰহাৰ সহ শিক্ষকৰ: ভিডিঅ’ ভাইৰেল

দৰং জিলাৰ উদমাৰিস্থিত নবোদয় বিদ্যালয়ত সংঘটিত হৈছে এটা মৰেল পুলিচ গিৰিৰ ঘটনা। দেওবাৰে নিশা বিদ্যালয়খনৰে একাংশ শিক্ষকে গছত বান্ধি প্ৰহাৰ কৰিলে বিদ্যালয়খনৰ অধ্যক্ষ পি ৰাজেশক । ইতিমধ্যে মাৰপিটৰ ঘটনাটোৰ 20 চেকেণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ।

ৰাজ্যৰ কৃষক সকলৰ বাবে মন্ত্ৰী ৰণজিৎ দাসে আনিলে সুখবৰ

দেওবাৰে, ধুবুৰীৰ আৱৰ্ত ভৱনত অভিভাৱক মন্ত্ৰীৰ কাৰ্যালয় শুভ উদ্বোধন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই সংবাদমেলযোগে ৰাজ্যৰ কৃষকসকলৰ বাবে তেওঁ ঘোষণা কৰে এটা সুখৰ খবৰ ৷

ইটিভি বাতৰিৰ প্ৰভাৱ: কৃত্ৰিম বানক লৈ কলিয়াবৰ প্ৰশাসনৰ তৎপৰতা

অৱশেষত গা লৰিল প্ৰশাসনৰ ৷ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবে কলিয়াবৰত সৃষ্টি হৈছে কৃত্ৰিম বান পৰিদৰ্শন কৰিবলৈ ঘটনাস্থলীত উপস্থিত হ’ল কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস ৷ অতি শীৰ্ঘ্ৰেই এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান বিভাগীয় কতৃপক্ষৰ ৷ যাৰ বাবে কিছু স্বস্তিৰ নিশ্বাস পেলাইছে ভুক্তভোগী পৰিয়ালটোৱে ৷

জামিয়া মিলিয়াৰ কবৰস্থানত কবৰস্থ কৰা হ’ল ডানিছ ছিদ্দিকীক

দেওবাৰে সন্ধিয়া দিল্লীত আহি উপস্থিত হয় সাংবাদিক ডানিছ ছিদ্দিকীৰ নশ্বৰ দেহ ৷ নিশা প্ৰায় 10.15 বজাত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ কবৰস্থানলৈ নিয়া হয় সাংবাদিকগৰাকীৰ নশ্বৰ দেহ ৷

অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

বৰপেটাত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ (Excise Department) অভিযান ৷ উক্ত অভিযানত 7 লিটাৰ চুলাই নষ্ট কৰাৰ লগতে কেইবাটাও অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে আবকাৰীৰ দলটোৱে ৷

সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ চাবুৱাত দল সংগঠনৰ প্ৰতিবাদ

ডিব্ৰুগড়ত সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ মুখত ক'লা কাপোৰ পৰিধান কৰি চাবুৱাত সাংবাদিক আৰু বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ (Protest) সাব্যস্ত কৰে ৷ অতিশীঘ্ৰে উক্ত ঘটনাত জড়িত লোকক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

অৱশেষত গ্ৰেপ্তাৰ চুপাৰী মাফিয়া আব্দুল হান্নান

গোলাঘাটৰ চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক গ্ৰেপ্তাৰ । দেওবাৰে নিশা বোকাখাতৰ কঁহৰাত গ্ৰেপ্তাৰ কৰা হয় চুপাৰী মাফিয়া আব্দুল হান্নানক । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে আব্দুলক । দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল আব্দুল ৷

ABOUT THE AUTHOR

...view details