অসম

assam

By

Published : Jul 3, 2021, 1:09 PM IST

ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ বাতৰি

1 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 1 PM
1 বজাৰ দহটা শীৰ্ষ বাতৰি

পেডেল মাৰি মাৰি পীযুষৰ সৈতে যাত্ৰা ৰেকিবুদ্দিনৰ

ফেচবুক (Facebook)ৰ জৰিয়তে কিহৰ ইংগিত দিলে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed)? ৰূপজ্যোতিৰ পিছে পিছে পুৰণি ব্ৰিগেডত অংশগ্ৰহণ কৰিব নেকি ৰেকিবুদ্দিনে (Rekibuddin Ahmed) ? সঁচাকৈয়ে কংগ্ৰেছ শূন্য হোৱাৰ দিশে নেকি অসম !

গোলাঘাটত লক ডাউনৰ সম্ভাৱনাৰ ইংগিত স্বাস্থ্য মন্ত্ৰীৰ

গোলাঘাটত ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত জিলা স্বাস্থ্য বিষয়া, প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত শুকুৰবাৰে মাজনিশা পৰ্যন্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta) ই গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পৰ্যালোচনা সভাত মিলিত হয় ।

অসম আৰক্ষীত চাৰিদিনত ৰুজু 112 টা বিত্তীয় CYBER CRIMEৰ গোচৰ

দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো শেহতীয়াকৈ বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধ ৷ এনেধৰণৰ অপৰাধ ৰোধ কৰিবৰ বাবে বিশেষ ভাৱে সষ্টম হৈছে অসম আৰক্ষী ৷ অসমত ডাৰ্ক ৱেভৰ কাৰবাৰ আৰম্ভ হৈছে বুলি মন্তব্য কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

বিকল্প মূল্যায়ন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিছে বুলি কোনে ক’লে ?

বিকল্প মূল্যায়ন ব্যৱস্থাৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰাৰ বাবে ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰকেই জগৰীয়া‌ কৰিছে বিৰোধী দলপতি দ্ৰেৱব্ৰত শইকীয়াই । এনে কাৰ্যৰ বাবে তেওঁ ধিক্কাৰ দিছে চৰকাৰক ।

বন বিভাগৰ অদূৰদৰ্শিতাৰ বাবে খুমটাইত বনৰীয়া হাতীৰ মৃত্যু !

শুকুৰবাৰে সন্ধিয়া খুমটাই চুংগীহোলাৰ মণ্ডলকাঠনিৰ বৰবিলৰ মেটেকা আৰু বোকাত লাগি মৃত্যুক সাৱটি লয় এটা বনৰীয়া হাতীয়ে ৷ বনবিভাগে হাতীটো উদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় লোকৰ ৷

মূল্যাংকন প্ৰতিবেদনৰ ৫ নং দফা বাতিল কৰিবলৈ আহ্বান এবছুৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰতিবেদনৰ ৫ নং দফা বাতিল অথবা পুনৰ বিবেচনা কৰিবলৈ আহ্বান এবছুৰ ৷ শুকুৰবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত আয়োজিত এক সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই আহ্বান জনায় ৷

শিৱসাগৰবাসীক সাক্ষী কৰি নিষ্ঠা আৰু সততাৰ পণ ল'লে অখিলে গগৈয়ে

শিৱসাগৰত অখিল গগৈ ৷ ৰংঘৰৰ শৰণাপন্ন হৈ ৰাইজৰ স্বাৰ্থত আপোচ নকৰাকৈ শিৱসাগৰক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ আশ্বাস দিলে অখিল গগৈয়ে ৷ লগতে বিধায়ক হিচাপে প্ৰথম কামৰ কথা সদৰি কৰিলে অখিলে ৷

নৱজোত সিং সিদ্ধুৱে পৰিশোধ কৰা নাই 8.5 লাখ টকাৰ বিদ্যুৎ মাচুল

গ্ৰাহকে বিদ্যুতৰ বিল পৰিশোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে প্ৰসংগক্ৰমে চৰ্চালৈ আহিছে পঞ্জাৱৰ এগৰাকী কংগ্ৰেছ নেতা ৷ অসম চৰকাৰে বিদ্যুতৰ বিল পৰিশোধ নকৰিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বন্ধ কৰি দিয়াৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে পঞ্জাৱৰ এই গৰাকী নেতাই পৰিশোধ কৰা নাই প্ৰায় 8.5 লাখ টকাৰ বিদ্যুতৰ বিল ৷

অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ হতাহতি

অসম মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত সুৰক্ষাকৰ্মীৰ মাজত হতাহতিৰ দৃশ্য দেখিবলৈ পোৱা গৈছে । সীমান্তৱৰ্তী ধলছেড়া এলেকাত দুই ৰাজ্যৰ আৰক্ষীৰ মাজতে সংঘাত । ২ জুলাই তাৰিখে পুৱাৰ সময়তে দুই ৰাজ্যৰ আৰক্ষীৰ মাজত সৃষ্টি হয় এই সংঘাতৰ ঘটনা ।

APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই সৰ্বানন্দ সোণোৱালে লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিছিল আৰু সেই তদন্তৰ ভিত্তিতেই ৰাকেশ পালৰ পৰা চাকৰি কিনা ৩৯ জনকৈ এ চি এছ(ACS), এ পি এছ(APS) আৰু সংযুক্ত সেৱাৰ বিষয়া জালত পৰিছিল । এতিয়া আকৌ পুনৰ জালত পৰাৰ সম্ভাৱনা কেইবাগৰাকীও ৰাজপত্ৰিত বিষয়া ৷

ABOUT THE AUTHOR

...view details